শিৱসাগৰত টেংকাৰ চালকৰ সন্ত্ৰাস; নিহত এজন, দুজন আহত

Accident-750x375-1

প্ৰতিনিধিত্বমূলক ফটো

নিচাৰ ৰাগীত থকা এজন টেংকাৰ চালকে শুকুৰবাৰে নিশা শিৱসাগৰ জিলাত এক সন্ত্ৰাসৰ সৃষ্টি কৰে। যাৰ ফলত এজন লোক নিহত হোৱাৰ লগতে আহত হয় আন দুজন।

শিৱসাগৰ জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত মোৰাবজাৰত সংঘটিত প্ৰথমটো পথ দুৰ্ঘটনাত সঞ্জয় (বিজিত) বৰুৱা (৪৮) নামৰ এজন ব্যক্তিয়ে প্ৰাণ হেৰুৱাব লগা হয়।

নাজিৰাৰ লিগিৰিপুখুৰীস্থিত ১নং এ পি বি এনৰ কণিষ্ঠ সহকাৰী জাঁজী অভয়পুৰিয়া গাঁৱৰ বাসিন্দা বৰুৱা কালি আন দিনাৰ দৰে মটৰচাইকেলেৰে নিজৰ ঘৰ অভিমুখে আহি থকা অৱস্থাত এই দুৰ্ঘটনাটো সংঘটিত হয়।

প্ৰাপ্ত তথ্য মতে, হঠাৎ এখন দ্ৰুতবেগী এন এল-০২-কিউ-৩৯৮৯ নম্বৰৰ পানী কঢ়িওৱা টেংকাৰে তেওঁক প্ৰচণ্ড জোৰে খুন্দা মাৰে। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত বৰুৱাক ততাতৈয়াকৈ পেঙেৰাস্থিত আমগুৰি সমূহিয়া স্বাস্থ্যকেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও চিকিৎসালয়তে তেওঁ শেষ নিশ্বাস ত্যাগ কৰে।

আনহাতে, উক্ত দুৰ্ঘটনাৰ পিছতে টেংকাৰখনে ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত আমগুৰি হালোৱাটিঙৰ পৰা যোৰহাট অভিমুখে গৈ থকা এখন এ এছ টি চি বাছক খুন্দা মাৰে। যাৰ ফলত টিয়ক নিৱাসী প্ৰাঞ্জল বৰা নামৰ বাছখনৰ চালকজন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত  হোৱাৰ লগতে প্ৰায় ২০ গৰাকী যাত্ৰী কথমপি ৰক্ষা পৰে।

ইয়াৰ উপৰি জাঁজী জৰাবাৰি গাঁৱটো একেখন টেংকাৰে প্ৰভাত গগৈ নামৰ এজন লোকক খুন্দিয়ায়।

অৱশ্যে পিছত স্থানীয় ৰাইজে খেদি গৈ টেংকাৰসহ চালক গৰাকীক আটক কৰি আৰক্ষীক গতাই দিয়ে।

উল্লেখযোগ্য যে আটক কৰা অৱস্থাত যোৰহাট চেলেংহাটৰ পৰাগ গগৈ নামৰ চালকগৰাকী নিচাগ্ৰস্ত অৱস্থাত আছিল। তেওঁৰ বিৰুদ্ধে আমগুৰি আৰক্ষী থানাত ১১৫/২০১৮ নম্বৰৰ এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।