জম্মু-কাশ্মীৰ : সেনাৰ গাড়ীক লক্ষ্য কৰি আক্ৰমণ সন্ত্ৰাসবাদীৰ, আহত ২ সেনা জোৱান

জম্মু-কাশ্মীৰত অব্যাহত আছে সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ। সোমবাৰে জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ বিলাৱাৰ অঞ্চলত ভাৰতীয় সেনাৰ এখন বাহনত উগ্ৰপন্থীয়ে আক্ৰমণ চলায়।

এই আক্ৰমণত দুজনকৈ সেনা গুৰুতৰভাবে আঘত হয়। আহত সেনা জোৱানক দুজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।

সেনাই অভিযান চলাই থকাৰ সময়তে এই আক্ৰমণ হৈছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

সূত্ৰ অনুসৰি সন্ত্ৰাসবাদীয়ে পাহাৰৰ ওপৰৰ পৰা সেনাৰ বাহনখনলৈ গুলীচালনা কৰে।  প্ৰাপ্ত তথ্য অনুসৰি সেনাৰ বাহনখনৰ ওপৰত সন্ত্ৰাসবাদীয়ে গ্ৰেনেড নিক্ষেপ কৰে।