গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায় : মাদ্ৰাছাত শিক্ষক নিযু্ক্তিৰ ক্ষেত্ৰত বাধ্যতামূলক টেট পৰীক্ষা

madrasas-l

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰি মাদ্ৰাছা সমূহত শিক্ষক নিযুক্তিৰ নামত ‘টেট’ পৰীক্ষা বাধ্যতামূলক হিচাপে ঘোষণা কৰে।

গুৱাহাটী উচ্চ ন্যায়ালয়ে আজি এই ৰায়দানৰ যোগেৰে চৰকাৰৰ মাদ্ৰাছাত শিক্ষক নিয়োগৰ ক্ষেত্ৰত টেট শিক্ষক নিযুক্তিৰ ৰায়কে বাহাল ৰাখিলে।

উল্লেখযোগ্য যে, ৰাজ্যৰ একাংশ প্ৰাৰ্থীয়ে মাদ্ৰাছা সমূহত শিক্ষক নিয়োগৰ ক্ষেত্ৰত চৰকাৰৰ ‘টেট’ বাধ্যতামূলক কৰাৰ সিদ্ধান্তৰ বিৰোধিতা কৰিছিল।

অসম চৰকাৰে মাদ্ৰাছাসমূহত টেট উত্তীৰ্ণ শিক্ষক নিযুক্তি দিয়াৰ উদ্দেশ্যৰে ৰাজ্যত প্ৰথমবাৰৰ বাবে মাদ্ৰাছা টেট পৰীক্ষাও অনুষ্ঠিত কৰিছিল যদিও এতিয়ালৈ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক নিযুক্তি দিবলৈ সক্ষম হোৱা নাই যাৰ বাবে এইসকল টেট উত্তীৰ্ণ শিক্ষাৰ্থীয়ে বহু সময়ত হতাশ হ’বলগীয়া হৈছিল।