• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজ্যৰ ৪১ হাজাৰ প্ৰাথমিক টেট শিক্ষকৰ প্ৰতিবাদ : ২৯ জুনত দিছপুৰ চলো কাৰ্যসূচী

আমি ড্ৰাইভাৰ হিচাপে গৌৰৱ কৰো, শিক্ষা মন্ত্ৰী নিজেও এজন ড্ৰাইভাৰ : টেট শিক্ষক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
June 18, 2019 2:45 pm
index 1243

কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখত টে'ট উত্তীৰ্ণ শিক্ষকৰ প্ৰতিবাদ। ফটো : নৰ্থইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যত ৪১ হাজাৰ প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষকে মঙলবাৰে প্ৰতিবাদ সাৱ্যস্ত কৰে। ৰাজ্যৰ সমগ্ৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত ১২ বজাৰ পাছত প্ৰতিবাদ সাব্যস্ত কৰে শিক্ষক সকলে। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখতো শিক্ষক সমাজে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে।

২০১২ চনত ঠিকাভিত্তিক নিযুক্তি লাভ কৰা প্ৰাথমিক শিক্ষক সকলৰ দৰমহা সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰাৰ দাবীৰে প্ৰতিবাদকাৰীসকলে  উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখভাগ উত্তাল কৰি তোলে। প্ৰায় পাঁচ শতাধিক প্ৰাথমিক টে’ট শিক্ষকে এই প্ৰতিবাদত অংশগ্ৰহণ কৰে।

ইপিনে, ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ বিষয়টোত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হস্তক্ষেপ দাবী কৰাৰ উপৰিও তেওঁৰ সৈতে এক আলোচনাত মিলিত হ’ব বিচাৰে টে’ট উত্তীৰ্ণ শিক্ষকসকলে। সেয়েহে মঙ্গলবাৰে জিলা উপায়ুক্তৰ জৰিয়তে মুখ্য মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে প্ৰাথমিক টে’ট উত্তীৰ্ণ শিক্ষক সমাজে।

অন্যথা, অহা ২৯ জুনৰ দিনা দিছপুৰ চলো কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ দিয়ে প্ৰতিবাদকাৰী শিক্ষকসকলে।

আজিৰ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি শিক্ষক সমাজৰ উপ সভাপতি ৰাজীৱ ৰঞ্জন ধৰে সংবাদ মাধ্যমৰ আগত কয়, “আমাৰ দৰমহা সুৰক্ষাসহ চাকৰি নিয়মীয়াকৰণ কৰিব লাগে, তাৰ বাহিৰে আমাৰ অন্য একো দাবী নাই। শিক্ষামন্ত্ৰীয়ে ড্ৰাইভাৰৰ লগত তুলনা কৰিছে তাক লৈ আমি গৌৰৱ কৰিছোঁ কাৰণ আমি স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ ড্ৰাইভাৰ, আমি তেওঁলোকক চলাই আছো।”

আনহাতে, শিক্ষামন্ত্ৰীকো এজন ড্ৰাইভাৰৰ লগত তুলনা কৰি তেওঁ কয়, “শিক্ষামন্ত্ৰী নিজেও এজন ড্ৰাইভাৰ, তেওঁ নিজে শিক্ষা বিভাগ চলাই আছে। শিক্ষা বিভাগ চলোৱা মানুহজনো ড্ৰাইভাৰ।”

তেওঁ লগতে কয়, “ড্ৰাইভিং lisense নৱীকৰণ কৰিবলৈ কোনো পৰীক্ষা দিব নালাগে, তেন্তে আমি আকৌ টেট পৰীক্ষাত কিয় বহিম?’’

আনহাতে,প্ৰতিবাদত অংশগ্ৰহণ কৰা বিত্ত সম্পাদক কুলজিত ঠাকুৰীয়াই সংবাদমাধ্যমৰ আগত কয়, “২০১২ চনত ঠিকাভিত্তিক হিচাপে নিযুক্তি পাইছিলো, কিন্তু শিক্ষা আইনৰ ২৩ নং অনুচ্ছেদত লিখা আছে যে শিক্ষকক ঠিকাভিত্তিক নিযুক্তি দিয়াৰ কোনো নিয়ম নাই, শিক্ষকক স্থায়ীভাৱে নিযুক্তি দিয়াৰ কথা হে আছে। অসম চৰকাৰে ২০১২ চনতে সেই ভুল কৰিলে। কেন্দ্ৰীয় চৰকাৰৰ পৰা বাৰম্বাৰ নিৰ্দেশনা আহি আছে যে এই শিক্ষকসকলক নিয়মীয়াকৰণ কৰিব লাগে। কিন্তু অসম চৰকাৰে কোনো গুৰুত্ব আৰোপ কৰা নাই।”

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

পাকিস্তানৰ সৈতে চৌদি আৰবৰ প্ৰতিৰক্ষা চুক্তি! বিবৃতি প্ৰকাশ ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ…

September 18, 2025 11:44 am
এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

এইবাৰ ‘হাইড্ৰ’জেন বোমা ফুটালে ৰাহুলে গান্ধীয়েঃ মুখ্য নিৰ্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে ৰক্ষণাবেক্ষণ দিছে ভোট চোৰক!

September 18, 2025 11:10 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুঁজিবলৈ আই আই টিৰ চাকৰি এৰা কোন এই প্ৰকৃতি প্ৰেমী…

September 18, 2025 1:00 pm
নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

নিৰ্বাচন আয়োগৰ তথ্য প্ৰদানত অবহেলা…!  স্তব্ধ হৈ পৰিছে কৰ্ণাটকৰ ভোটাৰ জালিয়াতিৰ তদন্ত

September 18, 2025 12:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd