NORTHEAST NOW (Assamese)

সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজৰ ৰাজ্য জুৰি অৱস্থান ধৰ্মঘট কাৰ্যসূচী

February 3, 2022 10:45 am · কাজী জেইদুল ইছলাম,বিশ্বনাথ

সদৌ অসম প্ৰাথমিক টেট উত্তীর্ণ শিক্ষক সমাজে ৰাজ্য জুৰি অৱস্থান ধৰ্ম ঘট কাৰ্যসূচী পালন কৰে। সমগ্ৰ অসমৰ লগতে বিশ্বনাথ জিলাটো অনুষ্ঠিত হয় ১ ঘন্টীয়া এই অৱস্থান ধৰ্ম ঘট কাৰ্যসূচী ।

বিশ্বনাথ জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্ঠিত হোৱা এই অৱস্থান ধৰ্ম ঘট কাৰ্যসূচীত চাৰিটা শিক্ষা খণ্ডৰ সৰ্বমুঠ 40 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ।

বিভিন্ন সমস্যাৰে জৰ্জৰিত প্ৰায়ে প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে চৰকাৰক উত্থাপন কৰি অহা শিক্ষক সকলে আজি পৰ্যন্ত চৰকাৰৰ পৰা কোনো ধৰণৰ সমাধানৰ পথ পোৱা নাই যাৰ ফলত আজি পুণৰ ৰাজ্যৰ প্ৰতিখন জিলাত এই দৰে প্ৰতিবাদ মুখৰ হৈ শিক্ষক শিক্ষয়িত্ৰী সকল ।

প্ৰতিবাদ সাব্যস্ত কৰা শিক্ষক শিক্ষয়িত্ৰী সকলৰ বিশেষকৈ দাবী সমুহৰ ভিতৰত হ’ল ::::

১) পেব(PAB)ৰ নিৰ্দেশনা অনুসৰি দ্বৈত কেডাৰ ভঙ্গ কৰি শীঘ্ৰে সৰ্বশিক্ষাৰ অধীনৰ শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণ কৰা

২) ১ জুলাই ২০২০ তাৰিখৰ ৰাজ্যপাল নির্দেশনা (Orders by the Governor of Assam)ত উল্লেখিত সকলোবোৰ সুবিধা শীঘ্ৰে প্ৰদান কৰা ।

৩) ২০১৯ চনৰ জুলাইৰপৰা বঞ্চিত হৈ ৰোৱা বৰ্দ্ধিত মৰগীয়াবানচ বকেয়াসহ(সৰ্বমুঠ ১৯%) সম্পূর্ণকৈ আদায় দিয়া ।

৪) কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক তেখেতৰ বাকী থকা কাৰ্যকালৰ (৬০ বছৰলৈ) সম্পূৰ্ণ দৰমহা আৰু অন্যান্য সা-সুবিধা প্ৰদান কৰাৰ ব্যৱস্থা কৰা। (যিটো নিয়মীয়া শিক্ষকসকলক দিয়া হয়)

৫) আপোন ঘৰ লোণ, এনপিএচ, চাৰ্ভিচ বুক, গ্রেচুইটি, শিক্ষক বঁটা আদিৰ বাবে শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰা,

৬) ২০১২ চনৰ পৰা আজিলৈকে কৰ্মৰত অৱস্থাত মৃত্যুবৰণ কৰা শিক্ষক-শিক্ষয়িত্ৰীৰ পৰিয়ালক ন্যূন্যতম ২০ লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা।

৭) বদলিকৰণ আইনৰ সংশোধন কৰি বহিঃজিলাত কৰ্মৰত শিক্ষক সকলক গৃহজিলা লৈ বদলিৰ সুবিধা প্ৰদান কৰা।

৮) নিম্ন প্রাথমিক বিদ্যালয়ত স্থায়ী প্রধান শিক্ষক পদ সৃষ্টি কৰি যোগ্যতা সম্পন্ন টেট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলকো এই পদ প্ৰদান কৰা ।

Related News