তেজপুৰ ভাৰতৰ আটাইতকৈ কম প্ৰদূষিত চহৰ : বিশ্ব স্বাস্থ্য সংস্থা

বঙাইগাঁৱেও স্থান পালে দেশৰ কম প্ৰদূষিত চহৰৰ তালিকাত

tezpurrailway

বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা প্ৰকাশিত শেহতীয়া তথ্য অনুসৰি, তেজপুৰ চহৰ হৈছে ভাৰতৰ ভিতৰতে আটাইতকৈ কম প্ৰদূষিত চহৰ। এই ক্ষেত্ৰত বঙাইগাঁও ৭ম স্থানত আছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ভাৰতৰ আটাইতকৈ কম প্ৰদূষিত শীৰ্ষ ১০খন চহৰ হৈছে তেজপুৰ। বিশ্ব স্বাস্থ্য সন্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, তেজপুৰৰ বায়ুমণ্ডলৰ প্ৰতি ঘনমিটাৰ বায়ুত ৬ মাইক্ৰগ্ৰাম প্ৰদূষক মিহলি হৈ আছে।

তেজপুৰৰ পাছত স্থান পাইছে পাথানমতিতা (Pathanamthitta) (প্ৰতি ঘনমিটাৰ বায়ুত ১২ মাইক্ৰগ্ৰাম), হাছান (প্ৰতি ঘনমিটাৰ বায়ুত ১৯ মাইক্ৰগ্ৰাম), চিতুৰ ((প্ৰতি ঘনমিটাৰ বায়ুত ২১মাইক্ৰগ্ৰাম), কোলাম ((প্ৰতি ঘনমিটাৰ বায়ুত ২২মাইক্ৰগ্ৰাম), পুডুচেৰী ((প্ৰতি ঘনমিটাৰ বায়ুত ২২মাইক্ৰগ্ৰাম), বঙাইগাঁও ((প্ৰতি ঘনমিটাৰ বায়ুত ২৪মাইক্ৰগ্ৰাম), মাদুৰাই ((প্ৰতি ঘনমিটাৰ বায়ুত ২৬মাইক্ৰগ্ৰাম), ৱাৰাংগাল ((প্ৰতি ঘনমিটাৰ বায়ুত ২৬মাইক্ৰগ্ৰাম), আলাপ্পুৰা (Alappuzha) ((প্ৰতি ঘনমিটাৰ বায়ুত ২৭মাইক্ৰগ্ৰাম)।

দেশৰ কম প্ৰদূষিত চহৰৰ তালিকাত ৰাজ্যখনৰ দুখনকৈ চহৰে স্থান পোৱাত আনন্দিত হোৱা বহু সংখ্যক লোকক তেওঁলোকৰ সন্তুষ্টি ব্যক্ত কৰি ছ’চিয়েল মিডিয়াত পোষ্ট দিয়া দেখা গৈছে।