• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্চশিক্ষাৰ ক্ষেত্ৰত বৈপ্লৱিক সিদ্ধান্ত : তেজপুৰ বিশ্ববিদ্যালয়ে আৰম্ভ কৰিছে ৮ টা নতুন পাঠ্যক্ৰম

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 29, 2025 6:40 pm
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰতত উচ্চ শিক্ষাৰ ক্ষেত্ৰত এক বিপ্লৱৰ সূচনা কৰাৰ লক্ষ্য লৈ ৰাষ্ট্ৰীয় শিক্ষা নীতি (NEP) ২০২০-ৰ দিশনিৰ্দেশনা অনুসৰি শিক্ষাখণ্ডৰ উদ্ভাৱনীমূলক পৰিৱৰ্তনৰ প্ৰতি অগ্ৰাধিকাৰ দি, তেজপুৰ বিশ্ববিদ্যালয়ে ২০২৫-২৬ বৰ্ষৰ পৰা আঠটা নতুন পাঠ্যক্ৰম আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছে।

ইয়াৰ ভিতৰত ডুৱেল ডিগ্ৰী বি.টেক.-এম.বি.এ. পাঠ্যক্ৰমটো বিশেষভাবে উল্লেখযোগ্য। ডুৱেল ডিগ্ৰী বি.টেক.-এম.বি.এ. (দ্বৈত স্নাতক-স্নাতকোত্তৰ পাঠ্যক্ৰম) পাঠ্যক্রমটো বৰ্তমান উত্তৰ-পূৰ্বাঞ্চলৰ একমাত্ৰ এনে এক সংহতপাঠ্যক্রম, য’ত ছাত্ৰ-ছাত্ৰী সকলেএকেলগে অভিযান্ত্ৰিক (ইঞ্জিনিয়াৰিং) আৰু ব্যৱস্থাপনা (ম্যানেজমেন্ট)শিক্ষা লাভ কৰিব।

উল্লেখযোগ্য যে, এইবৰ্ষত  বিশ্ববিদ্যালয়ত আৰম্ভ কৰা নতুন পাঠ্যক্ৰমসমূহ হৈছে ভাষাবিজ্ঞান আৰু ভাষা প্ৰযুক্তিত স্নাতক  পাঠ্যক্ৰম , সমাজতত্ব বিভাগত স্নাতক  পাঠ্যক্ৰম, সৌৰ শক্তি অভিযান্ত্ৰিকত এম.টেক (স্নাতকোত্তৰ), উৎপাদন প্ৰযুক্তি আৰু স্বচালন প্ৰযুক্তিত এম.টেক (স্নাতকোত্তৰ), অনুবাদ অধ্যয়নত স্নাতকোত্তৰ, নৱীকৰণযোগ্য শক্তি আৰু শক্তি ব্যৱস্থাপনাত এক্সিকিউটিভ ডেভেলপমেন্ট প্ৰ‘গ্ৰাম, আৰু বিত্তীয় বজাৰ অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিপ্লোমা পাঠ্যক্ৰম আৰম্ভ কৰা হব।

তেজপুৰ বিশ্ববিদ্যালয়ে ২০২৫ ২৬শিক্ষাবৰ্ষৰ বাবে বিভিন্ন পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে অনলাইন পঞ্জীয়ন প্ৰক্ৰিয়া ইতিমধ্যেই আৰম্ভ কৰিছে। বিশ্ববিদ্যালয়খনৰ অধীনত প্ৰদান কৰা স্নাতক, স্নাতকোত্তৰ, পিএইচডি, ডিপ্লমা আৰু অন্যান্য পাঠ্যক্ৰমসমূহৰ বাবে আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে অনলাইন আবেদন কৰিবপাৰিব। 

বিশ্ববিদ্যালয়খনত বৰ্তমান সময়ত ৮৪ টা পাঠ্যক্ৰম প্ৰদান কৰা হৈছে, পাঠ্যক্ৰমসমূহত ৰাষ্ট্রীয় শিক্ষানীতিৰ নিৰ্দেশনা আৰু সুযোগ সুবিধাসমূহ অন্তৰ্ভুক্ত কৰা হৈছে। বিজ্ঞান, অভিযান্ত্ৰিক, মানৱিকী আৰু সমাজ বিজ্ঞান, পৰিচালন বিজ্ঞানৰ দৰে বহুতো শাখাত আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে  পাঠ্যক্ৰম বাছনি কৰিব পাৰে।

তেজপুৰ বিশ্ববিদ্যালয়ে ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিৰ বাবে তেজপুৰ বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা, গেট-বি, স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ কমন ইউনিভাৰ্চিটি এন্ট্ৰেন্স টেষ্ট২০২৫, জেইইমেইনছ, ডিজাইনৰ বাবে সাধাৰণ প্ৰৱেশিকা পৰীক্ষা, স্নাতক  – ৰাষ্ট্ৰীয় ডিজাইন প্ৰতিষ্ঠান,ডিজাইন দক্ষতা পৰীক্ষা, ডিজাইনৰ স্নাতক সাধাৰণ প্ৰৱেশ পৰীক্ষা আদিৰ প্ৰৱেশ পৰীক্ষাৰ নম্বৰৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰিব। ইয়াৰোপৰি, ৰাষ্ট্রীয় যোগ্যতা পৰীক্ষা,ৰাজ্যিক যোগ্যতা পৰীক্ষা আৰু গেটৰ নম্বৰৰ ভিত্তিতো ছাত্ৰ-ছাত্ৰীক নিৰ্বাচন কৰিব।

 পাঠ্যক্ৰমৰ সবিশেষ বিৱৰণ, অৰ্হতা আৰু নামভৰ্তি প্ৰক্ৰিয়াৰ সম্পৰ্কে অধিক তথ্য বিশ্ববিদ্যালয়ৰ ৱেবছাইটত উপলব্ধ কৰোৱা হৈছে(https://www.tezu.ernet.in/academic/admission2025/)।

বিশ্ববিদ্যালয়খনে আগন্তুক প্ৰৱেশ পৰীক্ষাৰ ক্ষেত্ৰত সম্ভাব্য ছাত্ৰ-ছাত্ৰীসকলক পৰামৰ্শ আৰু নিৰ্দেশনা দিয়াৰ বাবে হেল্পলাইন নম্বৰৰ যোগে সহায়তা আগবঢ়াইছে।

উল্লেখযোগ্য যে, বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষাৰ অনলাইন আবেদনপত্ৰ জমা দিয়াৰ শেষ তাৰিখ হৈছে ২০২৫ চনৰ ১০মে’। তেজপুৰ  বিশ্ববিদ্যালয় প্ৰৱেশ পৰীক্ষা ২০২৫ চনৰ ৬-৮জুনৰ ভিতৰত অনুষ্ঠিত হ’ব। দৰিদ্ৰ সীমাৰেখাৰ তলৰ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মাচুলৰ ক্ষেত্ৰত কিছু ৰেহাই ঘোষণা কৰা হৈছে।

তেজপুৰ বিশ্ববিদ্যালয়ৰ এই নামভৰ্তি প্ৰক্ৰিয়াই ছাত্ৰ-ছাত্ৰীসকলক এক বৃত্তিমুখী, বহুমুখী আৰু গতিশীল শিক্ষাৰ সুযোগ প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm
কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

কৰ্মফল! আদালতে দিলেও ৰেহাই নিদিলে বিধাতাই : পংখী সন্দিকৈৰ হত্যাৰ অভিযুক্ত স্বামী নীতিকেশ দাসৰ মৃত্যু

September 18, 2025 8:29 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd