NORTHEAST NOW (Assamese)

নোবেল বিজয়ী ব্যক্তিৰ কৰ্মৰাজিৰ ওপৰত তেজপুৰ বিশ্ববিদ্যালয়ে অনুষ্ঠিত কৰিব এলানি বক্তৃতা

November 12, 2018 2:13 pm · এন ই নাও নিউজ
সৌজন্য : টুইটাৰ

তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ে নোবেল বঁটা বিজয়ী ব্যক্তিৰ ওপৰত দুদিনীয়াকৈ এলানি বক্তৃতানুষ্ঠানৰ আয়োজন কৰিছে। বিশ্ববিদ্যালয়খনৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত ক্ৰমে বুধবাৰ আৰু বৃহস্পতিবাৰে এই বক্তৃতানুষ্ঠান অনুষ্ঠিত হ’ব।

উক্ত দুয়োটা দিনতে আবেলি ৩ বজাৰ পৰা সন্ধিয়া ৫.৩০ বজালৈ বক্তৃতানুষ্ঠানটো অনুষ্ঠিত হ’ব।

এই বক্তৃতানুষ্ঠানত ইতিহাসৰ বহু প্ৰসিদ্ধ নোবেল বঁটা বিজয়ীৰ বিদ্যায়তিক তথা অনুপ্ৰেৰণামূলক কৰ্মৰাজিৰ বিষয়ত আলোকপাত কৰা হ’ব।

উক্ত বক্তৃতানুষ্ঠানত অংশগ্ৰহণ কৰা ব্যক্তিসকলৰ বক্তৃতা শুনিবলৈ বিশ্ববিদ্যালয়খনৰ তৰফৰ পৰা সকলোকে আমন্ত্ৰণ জনোৱা হৈছে।

ব্কতৃতাৰ প্ৰতিটো বিষয়ৰ ওপৰতে লিখা শ্ৰেষ্ঠ লেখনিটোক ৪,০০০ নগদ টকাৰ এক আকৰ্ষণীয় পুৰষ্কাৰ প্ৰদান কৰা হ’ব।

নোবেল বিজয়ীসকলৰ কৰ্মৰাজিৰ ওপৰত অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলৰ সমৃদ্ধ জ্ঞানে দৰ্শকসকলক নিশ্চিতভাৱে উপকৃত কৰিব বুলি আশা কৰা হৈছে।

ইয়াৰ লগতে কঠিন জীৱন সংগ্ৰামৰ মাজেৰে বৃহৎ সফলতা লাভ কৰা প্ৰতিগৰাকী নোবেল বিজয়ীৰ কাহিনীয়ে লগতে সকলোকে আকৰ্ষণ তথা অনুপ্ৰাণিত কৰিব।

Related News