ধন্যবাদ জনাই পঠাব লাগিব পত্ৰ; প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহত ৰাখিব লাগিব মোদীৰ ফটো! নতুন নিৰ্দেশনা

960170-954190-pm-modi-new

প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ যিসকলে লাভ কৰিব তেওঁলোকে এইবাৰ ইয়াৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনাই এখন পত্ৰ প্ৰেৰণ কৰিব লাগিব। তদুপৰি, ঘৰসমূহত এখন চীনা মাটিৰ ফলক লগাই তাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ ফটো লগাই ৰাখিব লাগিব।

মধ্য প্ৰদেশ চৰকাৰৰ এক নতুন নিৰ্দেশনাত এই কথা কোৱা হৈছে।

বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী আৱাস যোজনা ৰাজ্যখনত কিমান সফল হৈছে তথা ইয়াৰ দ্বাৰা কিমান দৰিদ্ৰ লোক উপকৃত হৈছে সেয়া কেন্দ্ৰক জনাবলৈকে মধ্য প্ৰদেশ চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

লগতে পঢ়ক: অসমতো মুন্নাভাই এমবিবিএছ! ’নীট’ ক্লিয়েৰ কৰি এইমছত ছীট পোৱা চাহ বিক্ৰেতা যুৱকৰ কাহিনী ‘ভুৱা’; স্থানীয় লোকৰ তদন্ত দাবী

ৰাজ্যখনৰ পঞ্চায়ত বিভাগে প্ৰস্তুত কৰা এখন পত্ৰৰ খচৰা পত্ৰত উল্লেখ কৰা হৈছে যে ‘ প্ৰধানমন্ত্ৰী মোদীজী আপোনালৈ ধন্যবাদ। আপুনি আমাৰ জীৱনলৈ আনন্দ কঢ়িয়াই আনিছে। ইমানদিন আমি কেঁচা ঘৰত আছিলো। ইয়াত বহুত অসুবিধাৰ সন্মুখীন হৈছিলো। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ পকী ঘৰ লাভ কৰাত আমাৰ বৰ সুবিধা হৈছে।‘

বিজেপি নেতৃত্বাধীন মধ্য প্ৰদেশত প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জনাই এই পত্ৰ লিখাটো বাধ্যতামূলক কৰা হৈছে।

জানিব পৰা মতে ইতিমধ্যে পঞ্চায়ত বিভাগে চাৰি হেজাৰ পত্ৰ পঠোৱা হৈছে। যিসকলে পত্ৰ লিখিব নোৱাৰে তেওঁলোকক বিভাগৰ তৰফৰ পৰা পত্ৰ লিখাত সহায় কৰা হ’ব।

লগতে পঢ়ক: বনৰীয়া ম’হৰ আক্ৰমণত আঘাতপ্ৰাপ্ত দুই শিশু; বন বিভাগে গুলি ফুটাই প্ৰেৰণ কৰিলে বনাঞ্চললৈ

ইপিনে, প্ৰতিগৰাকী হিতাধিকাৰীক মুখ্যমন্ত্ৰীৰ ফালৰ পৰা একোখন শুভেচ্ছা পত্ৰও দিয়া হ’ব।