NORTHEAST NOW (Assamese)

মমতাময়ী! ২৩ বছৰীয়া কোটিপতি এই তৰুণী মহিলাই হ’ব বিচাৰে ১০৫সন্তানৰ মাতৃ

February 16, 2021 11:01 am · এন ই নাও নিউজ
ক্ৰিষ্টিনা অ'জতুৰ্ক।

এশ সন্তানৰ মাতৃ হোৱাৰ কামনা তেওঁৰ। পূব ইউৰোপীয় দেশ জৰ্জিয়াৰ এগৰাকী তৰুণী মহিলা ক্ৰিষ্টিনা অ’জতুৰ্কৰ মনৰ কথা এয়া।

ক্ৰিষ্টিনাৰ স্বামী কোটিপতি গেলিপি। দম্পতি ইতিমধ্যে ১২টা সন্তানৰ পিতৃ-মাতৃ। এতিয়া তেওঁলোকে আৰু ৯৪টা সন্তান জন্ম দিব বিচাৰে।

বাতৰি অনুসৰি, তেওঁলোকৰ ১১টি সন্তানৰ ভিতৰত মাত্ৰ এটিহে ক্ৰিষ্টিনাই গৰ্ভত ধাৰণ কৰিছিল। বাকী দহটি সন্তানৰ জন্ম হৈছে ছাৰোগেছি(ভাড়াতীয়া)ত।

মাত্ৰ ২৩ বছৰীয়া কোটিপতি ক্ৰিষ্টিনাই সদৰী কৰিছে যে তেওঁলোকৰ প্ৰতিটো সন্তানৰ ছাৰোগেছিৰ বাবে ভাৰতীয় মুদ্ৰাত প্ৰায় ৮২ লাখ টকাকৈ খৰচ হৈছে।

ক্ৰিষ্টিনা আৰু তেওঁৰ স্বামী গেলিপিয়ে জানিবলৈ দিছে যে এঘাৰতে সন্তুষ্ট নহয়, তেওঁলোকে ১০৫টালৈকে আগবাঢ়িব বিচাৰিছে।

গেলিপিয়ে জানিবলৈ দিয়ে যে এয়া ক্ৰিষ্টিনাৰ ইচ্ছামতেই হৈছে। কিয়নো ক্ৰিষ্টিনাই শিশু বহুত ভাল পায়। তদুপৰি, শিশুবোৰক লালন-পালন কৰাৰ বাবে তেওঁলোকৰ হাতত প্ৰচুৰ অৰ্থও আছে।

শিশুৰ প্ৰতি থকা মমতাৰ বাবেই এশ সন্তানৰ মাতৃ হ’ব বিচাৰিছে ক্ৰিষ্টিনা। অৱশ্যে, ছাৰোগেট (ভাড়াতীয়া) মাতৃসকলৰ সৈতে নিজৰ সন্তানসকলক পৰিচয় কৰাই দিব নিবিচাৰে ক্ৰিষ্টিনাই।

ভৱিষ্যতে কোনো সমস্যাৰ যাতে উদ্ভৱ নহয় তাৰ বাবেই ক্ৰিষ্টিনাই ক্লিনিকৰ নিয়ম অনুসৰিয়েই চলিছে।

Related News