গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ গুৱাহাটী চৌহদৰ অণুবিদ্যুত আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগে সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ বাণী আঁচনি ৰ অধীনত “নিম্ন-শক্তিৰ ভি এল এছ আই ডিজাইন: ভাৰতৰ অৰ্ধপৰিবাহী প্ৰগতিৰ চালিকা শক্তি” শীৰ্ষক তিনি দিনীয়া এখন কৰ্মশালা ১৮ ডিচেম্বৰ ২০২৪ তাৰিখে সফলতাৰে সমাপ্ত কৰে । ২০২৪ চনৰ ১৬ তাৰিখৰ পৰা ১৮ ডিচেম্বৰলৈ অনুষ্ঠিত এই কৰ্মশালাৰ উদ্দেশ্য আছিল অংশগ্ৰহণকাৰীসকলক নিম্ন-শক্তিৰ ভি.এল.এছ.আই. ডিজাইনৰ উদীয়মান ক্ষেত্ৰ খনৰ অত্যাধুনিক জ্ঞান প্ৰদান কৰা। এই কৰ্মশালাখনত অসমৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমূহৰ পৰা ইচ্ছুক অংশগ্ৰহণকাৰী সকলে অংশ লয়। শৈক্ষিক আৰু উদ্যোগিক ক্ষেত্ৰখনৰ প্ৰখ্যাত বিশেষজ্ঞসকলৰ দ্বাৰা প্ৰদান কৰা কৰ্মশালাখনৰ বিভিন্ন অধিৱেশনবোৰত ভি.এল.এছ.আই. প্ৰযুক্তিৰ নিম্ন-শক্তিৰ ডিজাইন কৌশল, অৰ্ধপৰিবাহী সঁজুলি, আৰু এনালগ চাৰ্কিট ডিজাইনৰ বিভিন্ন দিশ সামৰি বিশেষ গুৰুত্ব প্ৰদান কৰা হয়।
কৰ্মশালাখনৰ উদ্বোধনী অনুষ্ঠানত বিভাগৰ মুৰব্বী অধ্যাপিকা আৰু কৰ্মশালাখনৰ সমন্বয়ক ড০ অনিন্দিতা বৰাই সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ বাণী আঁচনি উদ্দেশ্যৰ সৈতে কৰ্মশালাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে। বিকশিত ভাৰত ২০৪৭ৰ ভাৰতৰ যি লক্ষ্য তাক প্ৰাপ্ত কৰাৰ উদ্দেশ্যে এই বাণী আঁচনিৰ জৰিয়তে স্থানীয় ভাষাসমূহত জ্ঞান প্ৰচাৰ কৰি, কাৰিকৰী শিক্ষাক অধিক সুলভ কৰি তোলা প্ৰচেষ্টা হাতত লোৱা হৈছে। “নিম্ন-শক্তিৰ ভি.এল.এছ.আই. ডিজাইন: ভাৰতৰ অৰ্ধপৰিবাহী প্ৰগতিৰ চালিকা শক্তি” শীৰ্ষক এই ৩ দিনীয়া কৰ্মশালাখন অসমীয়া ভাষাত অনুষ্ঠিত কৰা হৈছিল।
কেডেন্সৰ পৰীক্ষাৰ বাবে ডিজাইনৰ (DFT) গৱেষণা আৰু বিকাশ (R&D)শাখাত কৰ্মৰত শ্ৰী জ্যোতিৰ্ময় শইকীয়াই প্ৰথম দিনৰ অধিৱেশনত ভাৰতৰ অৰ্ধপৰিবাহী প্ৰগতি ৰক্ষা কৰাৰ ক্ষেত্ৰত ভি.এল.এছ.আইৰ গুৰুত্বৰ ওপৰত এক বিস্তৃত বক্তৃতা আগৱঢ়ায়। উদ্বোধনী অধিৱেশনৰ পিছৰ অধিৱেশনত , বিশ্ব বিদ্যালয়ৰ অধ্যাপক ড০ বাচব দাস, এন.আই.টি. শিলচৰ ড০ ৰাজেশ সাহা , তেজপুৰ বিশ্ববিদ্যালয়ৰ ড০ ৰূপম গোস্বামী , আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড. কন্দৰ্প কুমাৰ শৰ্মাকে ধৰি বিশিষ্ট বক্তাসকলৰ নেতৃত্বত বিভিন্ন কাৰিকৰী আলোচনাত অংশগ্ৰহণকাৰীসকলে অংশ লয়। চি ২ এছ প্ৰকল্পৰ সহযোগী-2 ড. সৌৰভ নাথৰ আন এক অধিৱেশনত এনালগ চাৰ্কিট ডিজাইনৰ ব্যৱহাৰিক পদ্ধতিৰ ওপৰত গুৰুত্ব দিয়া হয়।
কৰ্মশালাখনত কেৱল মূল্যবান কাৰিকৰী জ্ঞান প্ৰদান কৰাই নহয়, অংশগ্ৰহণকাৰীসকলক ভি.এল.এছ.আই. ডিজাইন সন্দৰ্ভত শেহতীয়া ট্ৰেণ্ড আৰু প্ৰত্যাহ্বানবোৰ আলোচনা কৰি আমন্ত্ৰিত বিশেষজ্ঞ সকলৰ লগত আলোচনাত ভাগ লোৱাৰো সুযোগ প্ৰদান কৰে। কৰ্মশালাখনত তাত্ত্বিক সমল শক্তিশালী কৰাৰ বাবে ভি.এল.এছ.আই. ডিজাইনৰ ক্ষেত্ৰখনৰ সন্দৰ্ভত গৱেষণাগাৰত হাতে কামে শিকাৰ সুযোগ প্ৰদান কৰা হৈছিল।
সামৰণি অনুষ্ঠানত সমন্বয়ক ড০ অনিন্দিতা বৰাই বিশেষজ্ঞসকলৰ অৱদান আৰু অংশগ্ৰহণকাৰীৰ সক্ৰিয় অংশগ্ৰহণৰ কথা উল্লেখ কৰি আন্তৰিক শলাগ লয় । বিত্তীয় সহায়ৰ বাবে সৰ্বভাৰতীয় প্ৰযুক্তি শিক্ষা পৰিষদৰ পৰা পোৱা বিত্তীয় সহ যোগিতাৰ বাবে আয়োজক সমিতিয়ে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। কৰ্মশালাখনৰ সামৰণি অনুষ্ঠানত সমূহ অংশগ্ৰহণকাৰীক অংশগ্ৰহণৰ প্ৰমাণপত্ৰ প্ৰদান কৰা হয়। গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ অণুবিদ্যুত আৰু যোগাযোগ অভিযান্ত্ৰিক বিভাগে এই ক্ষেত্ৰখনৰ উদ্ভাৱন আৰু জ্ঞানবিনিময় বৃদ্ধিৰ বাবে ভৱিষ্যতেও এনে ধৰণৰ পদক্ষেপ লবলৈ আৰু সহযোগিতা আগবঢ়াবলৈ সৰ্বদা প্ৰস্তুত।