সদৌ অসম আহোম সভাৰ ৬১ সংখ্যক অধিৱেশনৰ প্ৰস্তুতি : ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগই পাব বিশেষ গুৰুত্ব

তাই আহোম ভাষাৰ অষ্ট্ৰেলিয়াৰ গৱেষক ড০ ষ্টিফেন ম’ৰেক সম্বৰ্ধনা জনাব

Ahom Sabha

সদৌ অসম আহোম সভাৰ বিষয়ববীয়াৰ সংবাদমেল। দেওবাৰে, গুৱাহাটী প্ৰেছক্লাবত। ফটো : য়ু বি।

“ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে অসমত অধিকাংশ লোকেই জনজাতিৰ মৰ্যদা লাভ কৰিব। যাৰ ফলত অসম এখন জনজাতীয় ৰাজ্য হোৱাৰ পথ প্ৰশস্ত হ’ব। জনজাতীয় ৰাজ্যৰ মৰ্যাদা লাভ কৰিলে কেন্দ্ৰীয় চৰকাৰৰ অধীনত বিভিন্ন সা-সুবিধা লাভ কৰিবলৈ আমি সক্ষম হ’ম আৰু তাৰ দ্বাৰা অসমৰ সামগ্ৰিক উন্নয়নত সহায় হ’ব।”

এই মন্তব্য সদৌ অসম আহোম সভাৰ ডিব্ৰুগড় অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি দুৰ্লভ চেতিয়াৰ।

দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এখন সংবাদমেলৰ জৰিয়তে সদৌ অসম আহোম সভাৰ অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতিগৰাকীয়ে ৩০ নৱেম্বৰৰ পৰা ২ ডিচেম্বৰলৈ ডিব্ৰুগড়ৰ চৌকিডিংগী খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া অহোম সভাৰ ৬১সংখ্যক অধিৱেশনৰ কাৰ্যসূচীৰ বিষয়ে প্ৰকাশ কৰে।

সংবাদমেলত চেতিয়াই কয় যে ডিব্ৰুগড়ত অনুষ্ঠিত হ’ব লগীয়া এই অধিৱেশনত ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোৱে বিশেষ গুৰুত্ব লাভ কৰিব। অধিৱেশনৰ দ্বিতীয় দিনা ‘ৰাজ্যখনৰ মুখ্য ছটা জনগোষ্ঠীৰ জনজাতিকৰণৰ অবিহনে অসমৰ সমস্যা সমাধান অসম্ভৱ’ শীৰ্ষক এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলি দুৰ্লভ চেতিয়াই জানিবলৈ দিয়ে।

একেদৰে তাই-আহোম ভাষাৰ প্ৰসাৰৰ বিষয়টোৱেও অধিৱেশনত বিশেষ গুৰুত্ব লাভ কৰিব বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ লগতে অসমৰ বিশ্ববিদ্যালয়সমূহক এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ বাবেও আহ্বান জনায়।

“ভাৰত চৰকাৰে যিহেতু ‘এক্ট ইষ্ট পলিচি’ হাতত লৈছে, গতিকে তাই-আহোম ভাষাৰ শিক্ষাৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিলে ‘এক্ট-ইষ্ট পলিচি’ৰ জৰিয়তে নতুন প্ৰজন্মই নিয়োগৰ সুবিধা লাভ কৰিব আৰু পৰ্যটনৰ ক্ষেত্ৰতো এটা নতুন দিশ মুকলি হ’ব”, চেতিয়াই কয়।

এইবাৰৰ ডিব্ৰুগড় অধিৱেশনত ‘বৰ্তমান তথ্য প্ৰযুক্তিৰ উৎকৰ্ষ সাধনৰ যুগত আহোমৰ নতুন প্ৰজন্মক অতীত ইতিহাসৰ শিক্ষা দি প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব পৰাকৈ উপযুক্ত কৰি তোলা’ শীৰ্ষক আন এখন আলোচনা চক্ৰ অনুষ্ঠিত হ’ব বুলিও উদ্যোক্তাসকলে জানিবলৈ দিয়ে।

আনহাতে, আহোম যুগৰ কৃতিচিহ্নসমূহ সংৰক্ষণৰ বিষয়টোত চৰকাৰে বিশেষ গুৰুত্ব প্ৰদান নকৰাক লৈও সংবাদমেলত সদৌ অসম আহোম সভাই আক্ষেপ প্ৰকাশ কৰে। এই বিষয়টোৱেও অধিৱেশনত আলোচনাত স্থান পাব বুলি সভাই জানিবলৈ দিয়ে।

ইয়াৰ উপৰি, আহোম স্বৰ্গদেউ সকলৰ ৰাজকীয় পৃষ্ঠপোষকতাত স্থাপন হোৱা সত্ৰসমূহত থকা পুথিসমূহ অধ্যয়নৰ বাবে উলিয়াই দিবলৈও সভাই দাবী জনায়।

এই অধিৱেশনতেই তাই-আহোম লিপিক য়ুনিক’ডত অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত অৰিহণা আগ বঢ়োৱা অষ্ট্ৰেলিয়াৰ গৱেষক ড০ ষ্টিফেন ম’ৰেক সম্বৰ্ধনা জনোৱা হ’ব বুলিও আহোম সভাই প্ৰকাশ কৰে। ইয়াৰ উপৰি এই অধিৱেশনত থাইলেণ্ডৰ উপ-প্ৰধানমন্ত্ৰী, ভিয়েটনামৰ ৰাষ্ট্ৰদূতৰ উপৰি থাইলেণ্ড আৰু ম্যানমাৰৰ শ্যাম প্ৰদেশৰ সাংস্কৃতিক দলে অংশ গ্ৰহণ কৰিব বুলিও সদৌ অসম আহোম সভাই জানিবলৈ দিয়ে।

ইপিনে, এই অধিৱেশনৰ লগতেই ২ ডিচেম্বৰত ৭৯০সংখ্যক অসম দিৱসও সদৌ অসম আহোম সভাই অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে।

অৱশ্যে, অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হ’বলগীয়া অসম দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচী এইবাৰ এই অধিৱেশনথলীত অনুষ্ঠিত কৰাৰ বাবে আহোম সভাই ৰাজ্য চৰকাৰলৈ আহ্বান জনাইছে যদিও এই পৰ্যন্ত কোনো সঁহাৰি পোৱা নাই বুলি প্ৰকাশ কৰে।

সংবাদমেলত সদৌ অসম আহোম সভাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি সতীশ চন্দ্ৰ গগৈ আৰু সাধাৰণ সম্পাদক ৰূপম চেতিয়া বৰাকে ধৰ কেইবাজনো বিষয় ববীয়া উপস্থিত থাকে।