প্ৰসংগ জাতিধ্বংসী বিধেয়ক : আলোচনাত বহিল ৭০ সংগঠন আৰু কংগ্ৰেছ

disscusion 70th organisations

গুৱাহাটীত কংগ্ৰেছৰ সৈতে আলোচনাৰ বাবে যোৱা ৭০টা সংগঠনৰ প্ৰতিনিধি। ফটো : নৰ্থইষ্ট নাও

নাগৰিকত্ব সংশোধনী বিধেয়কক কেন্দ্ৰ কৰি উত্তৰ-পূবৰ চাৰিওফালে অগ্নিগৰ্ভ পৰিস্থিতি চলি থকাৰ সময়তে শুকুৰবাৰে মহানগৰীৰ খ্ৰীষ্টানবস্তিস্থিত হোটেল গেটৱেত আলোচনাত মিলিত হয় ৭০ টা জাতীয় সংগঠন আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটি।

আগন্তুক ৰাজ্য সভাৰ বাজেট অধিবেশনত জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কখন বিজেপিয়ে যাতে কোনো কাৰণতে গৃহীত কৰিব নোৱাৰে, সেই উদ্দেশ্যে প্ৰদেশ কংগ্ৰেছৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ৭০ টাকৈ জাতীয় সংগঠন এক গুৰুত্বপুৰ্ণ বৈঠকত মিলিত হয়।

প্ৰদেশ কংগ্ৰেছৰ হৈ তত্ত্বাৱধায়ক হৰিশ ৰাৱাট, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু সভাপতি ৰিপুন বৰাৰ লগতে ৭০ টা সংগঠনৰ আহ্বায়ক অখিল গগৈ আৰু পলাশ চাংমাইৰ উপৰিও দুয়ো পক্ষৰে অন্যান্য নেতৃবৃন্দই অংশগ্ৰহণ কৰে।

বৈঠকৰ অন্তত কৃষক নেতা অখিল গগৈয়ে সংবাদমাধ্যমৰ আগত কয় যে বিধেয়কখন ৰাজ্যসভাত নাকচ কৰাৰ ক্ষেত্ৰত কংগ্ৰেছক উদ্যোগ ল’বৰ বাবে আলোচনা কালত বাৰম্বাৰ অনুৰোধ জনোৱা হৈছে।

আলোচনাৰ অন্তত কংগ্ৰেছৰ সৰ্বভাৰতীয় পৰ্য্যায়ৰ নেতা তথা অসমৰ তত্বাবধায়ক হৰিশ ৰাৱাট প্ৰমুখ্যে প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ আৰু প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৰাজ্যসভাত বিলখন পৰাজিত কৰিব বুলি আশ্বাস দিয়া বুলি সদৰী কৰে  অখিল গগৈয়ে।

ইপিনে বিধেয়কৰ সমস্যাটো অসমৰ সমস্যা হিচাপে গণ্য নকৰিবৰ বাবে আহ্বান জনাই গগৈয়ে কয়, “ই ভাৰতৰ সংবিধান খনকে নাকচ কৰিব, সেয়েহে ইয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰিব লাগে।”

আনহাতে, ৰাজ্যসভাৰ অন্যান্য বিৰোধী দল সমূহৰ সাংসদ তথা নেতৃত্বক এই বিলখনৰ তীব্ৰ বিৰোধিতা কৰিবৰ বাবে সৈমান নিয়াবলৈ কংগ্ৰেছক ৭০ টা সংগঠনৰ ফালৰ পৰা আহ্বান জনোৱা হয় বুলি সদৰী কৰে গগৈয়ে।

তদুপৰি, বৈঠকৰ অন্তত প্ৰদেশ কংগ্ৰেছৰ তত্বাবধায়ক হৰিশ ৰাৱাটে ৰাজ্যসভাত কংগ্ৰেছে এই বিলখনৰ তীব্ৰ বিৰোধিতা কৰি প্ৰতিহত কৰাৰ বাবে অপ্ৰাণ চেষ্টা কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে।

তেওঁ লগতে কয়, “এই বিলখন ভাৰতৰ সংবিধানৰ কাঠামোৰ ঘোৰ বিৰোধী। ৰাজনৈতিক লাভালাভৰ বাবে বিজেপিয়ে এই বিল ভাৰতৰ জনসাধাৰণৰ ওপৰত জাপি দিছে।”

তেওঁ এই বিলখন অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জনবিৰোধী বুলিও সদৰী কৰে।

তাৎপৰ্যপূৰ্ণভাৱে অহা ৩০ জানুৱাৰিৰ দিনা অসম প্ৰদেশ কংগ্ৰেছৰ এটা সজাতি দলে ৰাজ্যসভাৰ বিৰোধী দলৰ নেতৃত্বক সাক্ষাৎ কৰি বিলখনৰ বিৰোধিতাৰ বাবে অনুৰোধ জনাব বুলি ৰাৱাটে কয়।