ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত গুৱাহাটীত আম আদমি পাৰ্টীৰ প্ৰতিবাদ

সমগ্ৰ দেশৰ লগতে ৰাখ্যখনত দৈনন্দিন প্রয়োজনীয় সামগ্ৰীসমূহৰ লগতে ৰন্ধন গেছৰ ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ অভাৱনীয় মৃল্যবৃদ্ধিৰ বিৰুদ্ধে আজি গণেশগুৰিত আম আদমি পাৰ্টীৰ কামৰূপ মহানগৰ জিলা সমিতিয়ে প্রতিবাদ সাব্যস্ত কৰে।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰে যোৱা এবছৰৰ ভিতৰত ষষ্ঠবাৰৰ বাবে ৰন্ধন গেছৰ মূল্য চিলিণ্ডাৰে প্রতি ঘৰুৱা সংযোগত ৫০ টকা আৰু ব্যৱসায়িক সংযোগত ৩৫০ টকাকৈ বৃদ্ধি কৰাৰ বিৰুদ্ধে আপৰ কৰ্মী, সমৰ্থকসকলে হাতে হাতে বেনাৰ, প্লেকাৰ্ড লৈ প্রতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে।

প্রতিবাদকাৰীসকলে বিজেপি চৰকাৰ হায় হায়, কেন্দ্ৰীয় চৰকাৰ হুচিয়াৰ, ৰন্ধন গেছৰ মূল্যবৃদ্ধি ৰোধ কৰক, সাধাৰণ জনতাক লুণ্ঠন কৰা বন্ধ কৰক আদি শ্লোগানেৰে প্রতিবাদগ্নলী উত্তাল কৰি তোলে।

প্রতিবাদস্থলীত উপস্থিত থাকি আপৰ মুখপাত্ৰ অনুৰূপা ডেকাৰাজা আৰু হেপী গগৈয়ে বিজেপি আৰু আদানিৰ মিত্ৰতাৰ বাবে আদানিৰ ঋণৰ বোজা সৰ্বসাধাৰণ লোকৰ মূৰত জাপি সাধাৰণ জনতাক মৃল্যবৃদ্ধিৰে মাধমাৰ শোধোৱাৰ অভিযোগ উত্থাপন কৰে আৰু চৰকাৰক এই গণবিৰোধী সিদ্ধান্ত শীঘ্ৰে প্রত্যাহৰ কৰিবলৈ দাবী জনায়।