অসম চৰকাৰক বাৰিষাৰ বানৰ বাবে সাজু হ’বলৈ আহ্বান আম আদমি পাৰ্টীৰ

বান-খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি অগ্ৰাধিকাৰ ভিত্তিত সমাধানৰ ব্যৱস্থা কৰক: আপ

যোৱা এপষেকতকৈ অধিক কাল অসমক উৎকট গ্ৰীষ্মপ্ৰবাহে জনতাক দহি নিয়াৰ পাছত বতৰ বিজ্ঞান কেন্দ্ৰই আগন্তুক দিনকেইটাত অসমত প্ৰৱল বৰষুণৰ শংকা প্ৰকাশ কৰিছে। অহা ১৯ জুন পৰ্যন্ত অসমৰ ব্ৰহ্মপুত্ৰ উপত্যকাত ৫০০ৰ পৰা ৬০০ চেন্টি মিটাৰলৈকে বৰষুণ হোৱা সম্ভাৱনা ব্যক্ত কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ এনে ভৱিষ্যদ্বাণীৰ পাছত আম আদমি পাৰ্টীয়ে বাৰিষাৰ এনে সাম্ভাব্য সংকট কালৰ বাবে অসম চৰকাৰক আগতীয়াকৈ সাজু হ’বলৈ আহ্বান জনায়।

উল্লেখ কৰিব পাৰি যে যোৱা বছৰ অসমত হোৱা বানত ১২৪ জন লোকৰ মৃত্যু হৈছিল আৰু হাজাৰ হাজাৰ কোটি টকাৰ সা-সম্পত্তি তথা শ শ পশুধনৰ ক্ষতি হৈছিল। সেয়ে আম আদমি পাৰ্টীৰ ৰাজ্যিক সভাপতি ডা৹ ভবেন চৌধুৰী ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এনে সংকট কালৰ বাবে সম্পূৰ্ণ সাজু হ’বলৈ আহ্বান জনাইছে। বান অহাৰ পূৰ্বে চৰকাৰৰ কোনো প্ৰস্তুতি নথকাৰ বাবে উদ্ধাৰ কাৰ্য, আশ্ৰয় শিবিৰ আদি স্থাপন কৰাত পলম হোৱা আমি দেখি আহিছোঁ। গতিকে বানৰ সময়ত যাতে ব্যৱস্থাপনাৰ কোনো ত্ৰুটি ৰৈ নাযায় তাৰ বাবে আগতীয়াকৈ চৰকাৰক সাৱধান কৰি দিয়ে আম আদমি পাৰ্টীয়ে। চৰকাৰৰ প্ৰস্তুতিহীনতাৰ বাবে যাতে কোনো লোকে বানৰ সময়ত অযথা কষ্ট ভোগ কৰিবলগীয়া নহয়, তাৰ বাবে আম আদমি পাৰ্টীয়ে চৰকাৰক সতৰ্ক কৰি দিয়ে।

প্ৰতি বছৰে অসম হোৱা বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে ইয়াক অগ্ৰাধিকাৰ ভিত্তিত স্থায়ী সমাধানৰ দাবী অতি পুৰণি। আম আদমি পাৰ্টীয়েও অসমৰ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ দাবী জনাই আহিছে। প্ৰতি বছৰে অসমত হোৱা বানে হাজাৰ হাজাৰ কোটি টকাৰ ক্ষতি কৰি আহিছে আৰু এই ক্ষতিয়ে ৰাজ্যিখনৰ অৰ্থনীতিতো কু প্ৰভাৱ পেলাইছে। সেয়ে অসমৰ অৰ্থনীতিক দেশৰ ভিতৰতে শীৰ্ষ স্থানলৈ নিবৰ বাবে বিজেপিয়ে অকল শ্ল’গান দিয়া বন্ধ কৰি বান-খহনীয়া সমস্যা সমাধানত বাস্তৱসন্মত তথা বিজ্ঞানভিত্তিক ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এক বিজেপিযোগে আম আদমি পাৰ্টীয়ে বিজেপি চৰকাৰক বাস্তৱমুখী তথা জনতাদৰদী হ’বলৈ আহ্বান জনায়।