অসমত দুটা ভাগত বিভক্ত আম আদমী পাৰ্টী! কেজৰিৱালক তীব্ৰ সমালোচনা চন্দন জ্যোতি ফুকনৰ

আম আদমীয়ে পাৰ্টি শিৱসাগৰ প্ৰেছ ক্লাবত এখন সংবাদ মেল আয়োজন কৰে। সংবাদ মেলত বিৱৰণ কৰে আম আদমী পাৰ্টিৰ ভিতৰুৱা কথা।

জম্মু কাশ্মীৰ আৰু হাৰিয়ানাৰ আজি বিধানসভা নিৰ্বাচনত ফলাফল গ্ৰণনা কৰি থকা হৈছে যত এটাও আসন আম আদমী পৰ্টিয়ে লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

অসমৰ ৰাইজৰ আগত আৰু আম আদমি পাৰ্টিৰ কেন্দ্ৰীয় সমিতিৰ আগত প্ৰকাশ কৰিব বিচাৰিছে শিৱসাগৰ তথা অসমত চলি থকা বিসংগতি সমূহ।

দিল্লী আৰু পঞ্জাবত আম আদমি পাৰ্টি থকা পাছত কিয় হাৰিয়ানাৰ এখনও অসন পাবলৈ সক্ষম নাই হোৱা কাৰণ পাৰ্টি টোৰ সাংগঠনিক ভেটি আগবঢ়াই নিয়াত কেন্দ্ৰীয় কেন্দ্ৰীয় আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰিৱালৰ নেত্তৃত বিফল হৈছোঁ বুলি মন্তব্য কৰিছে সমিতিৰ সম্পাদক চন্দন জ্যোতি ফুকনে।

অসমত আম আদমি পাৰ্টি দুটা ভাগত বিভাজন হৈ আছে বুলি জনাই সংবাদ মেলত । দলৰ ভিতৰত বিভাজিত নকৰিবলৈ বহু বাৰ আহ্বান জনাই আহিছে বুলি মন্তব্য কৰিলে সংবাদ মেলত।

পাৰ্টি যি ধ্যান ধাৰণা তাক সুস্থিৰ ৰূপে প্ৰতিষ্ঠা কৰি ৰাজনৈতিক ভাবে সবল এটা স্থিত লব পাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদন কৰিছিল কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্ব বহন কৰি থাকে দলৰ কৰ্মীয়ে দলৰ স্থিতি ভাল দৰে জনৰ পাছতো গুৰুত্ব প্ৰদান নকৰিলে যাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি খন ৰাজ্যত আম আদমি পাৰ্টিৰ ভেটি শূণ্য হোৱা পৰিলক্ষিত হল।

অসমত দলৰ পৰিস্থিতি ভাল নহয় যাৰ বাবে দিল্লীৰ কেন্দ্ৰীয় সমিতিক লগ কৰিবলৈ ব্ৰজেন সন্দিক নেতৃত্বত এটা সজাতি দল অসমৰ পৰা দিল্লী গৈছিল।

দিল্লীৰ কেন্দ্ৰীয় সমিতি অসমৰ প্ৰতি আগ্ৰহী নহয় । অসমত দুটা গোট হবলৈ কেন্দ্ৰীয় সমিতিয়ে সুবিধা কৰি দিলে বুলি মন্তব্য কৰিলে চন্দন জ্যোতি ফুকনে।