• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দীপাংকৰ গগৈৰ ৰহস্যজনক মৃত্যুৰ বাবে দায়ী আৰক্ষীৰ শাস্তিৰ দাবী আপৰ

আৰক্ষীৰ নিৰ্যাতনৰ বাবেই চৰম সিদ্ধান্ত লৈছিল দীপাংকৰে-আপ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 28, 2024 8:23 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

যোৰহাট আৰক্ষীয়ে গ্ৰেনেড বিস্ফোৰণ কাণ্ডৰ জেৰাৰ নামত চলোৱা অমানুষিক নিৰ্যাতনৰ বাবে ৰহস্যজনক মৃত্যুক আকোৱালি লৈছিল দীপাংকৰ গগৈ নামৰ তিতাবৰৰ এজন যুৱকে। উক্ত ঘটনাৰ সৈতে জড়িত দোষী আৰক্ষী বিষয়াসকলৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ লগতে দীপাংকৰৰ পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে আম আদমী পাৰ্টিয়ে।

আজি আপৰ এক প্ৰেছ বিজ্ঞপ্তিত কোৱা হয় যে গ্ৰেনেড বিস্ফোৰণৰ ঘটনাৰ তদন্তকাৰী সংস্থা এন আই এৰ চাৰ্জশ্বিটেই দীপাংকৰৰ নিৰ্দোষিতাৰ প্ৰমাণ হিচাপে যথেষ্ট। আপৰ ৰাজ্যিক আহ্বায়ক ডাঃ ভবেন চৌধুৰীয়ে  এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “২০২৩ চনৰ ১৪ ডিচেম্বৰত যোৰহাটৰ লিচুবাৰীত থকা ভাৰতীয় সেনাৰ শিবিৰত সংঘটিত গ্ৰেনেড বিস্ফোৰণৰ  বাবে মাথো সন্দেহৰ ভিত্তিত অসম আৰক্ষীয়ে তিতাবৰৰ দীপাংকৰ গগৈ নামৰ এজন যুৱকক অমানুষিক নিৰ্যাতন চলাইছিল।

গ্ৰেনেড বিস্ফোৰণত সন্দৰ্ভত যোৰহাট আৰক্ষীয়ে জেৰা চলোৱাৰ সময়ত শাৰীৰিক আৰু মানসিক ভাৱেও নিৰ্যাতন চলোৱা বুলি অভিযোগ উত্থাপন হৈছিল। আৰক্ষীয়ে চলোৱা নিৰ্যাতনৰ বাবেই থানাৰ পৰা ঘৰলৈ গৈ ৰহস্যজনক মৃত্যু হৈছিল দীপাংকৰৰ। অসম আৰক্ষীয়ে দীপাংকৰ গগৈ বিষ্ফোৰণৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত সোধ- পোছৰ নামত নিৰ্যাতন চলাইছিল আৰু তাৰ পাছতে দীপাংকৰৰ মৃত্যু হৈছিল।

কিন্তু শেহতীয়াভাৱে প্ৰকাশিত নিয়াৰ চাৰ্জশ্বিটত দীপাংকৰ গগৈৰ নাম নথকাটোৱে অসম আৰক্ষী তথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধীনস্থ গৃহ বিভাগৰ অত্যাচাৰী স্বৰূপ উদঙাই দিছে। পুলিচী অত্যাচাৰৰ বলি হৈ মৃত্যু হোৱা দীপাংকৰ গগৈৰ পৰিয়ালে তেওঁৰ মৃত্যুৰ দুদিন পাছতে দীপাংকৰৰ সোধ- পোছৰ সৈতে জড়িত আৰক্ষী অধীক্ষক মোহনলাল মিনা, মহকুমা আৰক্ষী বিষয়া কাকলি পাটগিৰি আৰু তিতাবৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া লক্ষণ কুমাৰ দাসৰ  বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিবলৈ এজাহাৰ দাখিল কৰিছিল । কিন্তু বিগত ছমাহে মুখ্যমন্ত্ৰীৰ অধীনস্থ গৃহ বিভাগৰ গাফিলতিৰ বাবেই এই ক্ষেত্ৰত কোনো পদক্ষেপ লোৱা নাই। “

আম আদমী পাৰ্টিৰ ৰাজ্যিক আহ্বায়ক গৰাকীয়ে দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ লগতে দীপাংকৰ গগৈৰ পৰিয়ালক শকত পৰিমাণৰ এক কালীন সাহায্যৰ ব্যৱস্থা কৰিবলৈ দাবী জনায়।

Recent News

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

ভাৰত-পাক যুদ্ধৰ উত্তেজনা : ১৪ মে’লৈকে বন্ধ থাকিব ভাৰতৰ ২৪ টা বিমান বন্দৰ

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

আক্ৰমণৰ বাবে যাত্ৰীবাহী বিমানক ঢাল হিচাপে ব্যৱহাৰ কৰিছে পাকিস্তানে : উইং কমাণ্ডাৰ ব্যোমিকা সিং

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd