নিজৰ ফৰ্মলৈ উভতি আহিল অগপ! : বিধানসভাত খিলঞ্জীয়াৰ স্বাৰ্থত সৰৱ হৈ ত্যাগ কৰিলে সদন

AGP-5

বিধানসভাৰ বাহিৰত অগপৰ বিধায়ক। ফাইল ফটো

সোমবাৰে অসম বিধানসভাত অসমৰ খিলঞ্জীয়াৰ স্বাৰ্থত সৰৱ হৈ অসম গণ পৰিষদ দলৰ সদস্য সকলে সদন ত্যাগ কৰে। অসম চুক্তিৰ ৫নং আৰু ৬ নং দফাক লৈ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভুল তথ্য দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি অগপই সদন ত্যাগ কৰে।

সদনত অগপৰ সদস্যই উত্থাপন কৰা প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱাৰ বাবেই প্ৰতিবাদ কৰি দলৰ সদস্যসকলে সদন ত্যাগ কৰে।

আজি বিধানসভাত অসম চুক্তিৰ ৫নং দফা আৰু ৬নং দফাৰ প্ৰসংগ উত্থাপন হোৱাৰ পাছত সংসদীয় পৰিক্ৰমা বিভাগৰ দায়িত্বত থকা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে চৰকাৰৰ হৈ এই বিষয়ত ব্যাখ্যা আগবঢ়ায়।

শাসকীয় বিজেপি দলৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পাটোৱাৰীয়ে কয়,’’ অসমৰ বাবে ই এক বিশেষ সকাহ হ’ব। খিলঞ্জীয়াই জাতি মাটি ভেটিৰ সুৰক্ষা পাব। ৬নং দফা কাৰ্যকৰী কৰাত অসুবিধা আহিলেও অসমৰ স্বাৰ্থত ইয়াক কাৰ্যকৰী কৰা হ’ব।‘’

মন্ত্ৰী পাটোৱাৰীয়ে লগতে এই পৰ্যন্ত খিলঞ্জীয়াৰ সংজ্ঞা নিৰ্দ্ধাৰণ হোৱা নাই বুলি জানিব দি কয়, ‘’খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰিব লাগিব আৰু তাৰ বাবে আমাক সকলোৰে মতামত লাগিব।‘’

আনহাতে, এই বিষয়ে গঠন কৰি দিয়া কমিটি সন্দৰ্ভত তীৰ্যক মন্তব্য কৰি পাটোৱাৰীয়ে কয় যে সাহিত্যিক বুদ্ধিজীৱীসকলে ভুল কৰিলে। তেওঁলোক থকাহেঁতেন অসমৰ ইতিহাসত তেওঁলোকৰ নাম সোণালী আখৰেৰে লিখা থাকিলেহেঁতেন।

মন্ত্ৰী পাটোৱাৰীৰ এই ব্যাখ্যাৰ পাছতে সদনত অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই প্ৰশ্ন কৰে যে খিলঞ্জীয়াৰ সংজ্ঞা নথকাকৈ কিদৰে খিলঞ্জীয়াক ৰক্ষা কৱচ দিব? তদুপৰি, অগপ বিধায়কগৰাকীয়ে মন্তব্য কৰে,’‘লোকসভাৰ নিৰ্বাচনৰ ঠিক আগে আগে ৬নং দফা কাৰ্যকৰী কৰিবলৈ ওলোৱাত সন্দেহ হৈছে, দুবছৰ পূৰ্বে যদি কেন্দ্ৰই এই সিদ্ধান্ত ল’লেহেঁতেন তেন্তে আমি আদৰণি জনালোহেঁতেন।‘’

চৰকাৰৰ পৰা সঠিক উত্তৰ নাপাই অগপৰ সদস্যসকলে সদন ত্যাগ কৰে। অসম চুক্তি সন্দৰ্ভত কৰা প্ৰশ্নৰ সঠিক উত্তৰ নোপোৱাৰ বাবে অগপই সদন ত্যাগ কৰা বুলি জানিব দিয়ে।

সদন ত্যাগ কৰাৰ পাছত বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই কয়,’’মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ভুল তথ্য দিছে। চুক্তিৰ ৫ আৰু ৬নং দফাক লৈ আমাক বিতংভাৱে আলোচনাৰ সুযোগ নিদিলে। খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নকৰাকৈ খিলঞ্জীয়াক কিদৰে ৰক্ষাকৱচ দিব।‘’

তদুপৰি, তেওঁ ‘‘খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণত কংগ্ৰেছ আৰু বিজেপিৰ আন্তৰিকতা নাই’’ বুলিও মন্তব্য কৰে। আনহাতে, অগপৰ আন এগৰাকী বিধায়ক পবীন্দ্ৰ ডেকাই ‘’সদনত ভুল তথ্যৰে চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনৰ পৱিত্ৰতা নষ্ট কৰিছে’’ বুলি মন্তব্য কৰে।