অসম আৰক্ষীত গুৰুত্বপূৰ্ণ সাল-সলনি : আঠগৰাকী অধীক্ষক পৰ্যায়ৰ বিষয়াক বিভিন্ন স্থানলৈ বদলি
এটা গুৰুত্বপূৰ্ণ সাল-সলনি কৰা হৈছে অসম আৰক্ষীত। এই ক্ষেত্ৰত আঠগৰাকী অধীক্ষক পৰ্যায়ৰ বিষয়াক ৰাজ্যৰ বিভিন্ন স্থানলৈ বদলি কৰা হয়। বুধবাৰে অসম চৰকাৰৰ তৰফৰ পৰা এই গুৰুত্বপূৰ্ণ সালসলনি ঘটোৱা হৈছে।
গৃহ বিভাগে কালি প্ৰকাশ কৰা অধিসূচনা অনুসৰি অসম আৰক্ষীৰ বিশেষ শাখাৰ অধীক্ষক গৌৰৱ অভিজিত দিলীপক সীমান্ত শাখালৈ, সীমান্ত শাখাৰ অধীক্ষক পংকজ শৰ্মাক ডিব্ৰুগড়ৰ এফ আৰ আৰ অ’ৰ অধীক্ষক হিচাপে বদলি কৰা হয়।
আনহাতে ডিব্ৰুগড়ৰ এফ আৰ আৰ অ’ৰ অধীক্ষক মিহিৰ গোস্বামীক যোৰহাটলৈ, মানকাচৰত থকা ২৬ নং এ পি আই আৰ বেটেলিয়নৰ অধিনায়ক বিজয় গিৰি কুলীগামক নদী আৰক্ষীৰ অধীক্ষক হিচাপে, যোৰহাট এফ আৰ আৰ অ’ৰ অধীক্ষক সত্যজিৎ নাথক বিশেষ শাখাৰ (জি) অধীক্ষক হিচাপে, নদী আরক্ষীৰ অধীক্ষক পৰাগজ্যোতি বৰুৱাক ২৬ নং এ পি আই আৰ বেটেলিয়নৰ অধিনায়ক হিচাপে নিযুক্তি দিয়া হয়।
ইয়াৰ উপৰি নগাঁও এফ আৰ আৰ অ’ৰ অধীক্ষক মীৰা কদম ইংতিপিক সীমান্ত শাখাৰ অধীক্ষক আৰু সীমান্ত শাখাৰ অধীক্ষক নিতাই ঘোষক বৰপেটা এফ আৰ আৰ অ’ৰ অধীক্ষক হিচাপে বদলি কৰা হয়।