কোভিডত মৃত্যু ঘটা লোকৰ বিধৱা পত্নীক অসম চৰকাৰে দিব ২.৫ লাখ টকাৰ সাহায্য, পূৰণ হ’ব লাগিব এইবোৰ চৰ্ত

Himanta Biswa Sarma

হিমন্ত বিশ্ব শৰ্মাৰ ফাইল ফটো

কালান্তক কোভিডে ইতিমধ্যে অসমতো বহু লোকৰ প্ৰাণ কাঢ়ি নিছে।

শেহতীয়াকৈ কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক কেন্দ্ৰীয় চৰকাৰে সাহায্য প্ৰদান কৰিব নোৱাৰে বুলি ঘোষণা কৰাৰ সময়তে দিল্লীৰ চৰকাৰে কোভিডত মৃত্যু ঘটা লোকৰ পৰিয়ালক ৫০ হাজাৰ টকাকৈ সাহায্য দিব বুলি ঘোষণা কৰিছে।

দিল্লীৰ সৈতে সমানে খোজ মিলাই অসমৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰেও কোভিডত মৃত্যু ঘটা লোকৰ বিধৱা পত্নীক আৰ্থিক সকাহ দিয়াৰ বাবে ‘মুখ্যমন্ত্ৰী কোভিড-১৯ বিধৱা সাহায্য আঁচনি’ নামেৰে এখম আঁচনি আজিৰে পৰা  আৰম্ভ কৰিছে।

এই আঁচনিৰ অধীনত কোভিডত মৃত্যু ঘটা লোকৰ বিধৱা পত্নীক কেতবোৰ বিশেষ চৰ্তৰ আধাৰত এককালীন সাহায্য হিচাবে ২.৫ লাখ টকা প্ৰদান কৰা হ’ব।

এই ধন সংশ্লিষ্ট জিলাৰ উপায়ুক্তই যাৱতীয় তথ্য-পাতি পৰীক্ষা কৰি প্ৰদান কৰিব।কোভিডত মৃত্যু ঘটা লোকৰ বিধৱা পত্নীয়ে এই সাহায্য লাভ কৰিবলৈ কেইটামান চৰ্ত পূৰণ কৰিব লাগিব। সেইবোৰ হ’ল এনে ধৰণৰ—

বিধৱা মহিলাগৰাকী ৰাজ্যৰ স্থায়ী বাসিন্দা হব লাগিব।

মহিলাগৰাকীৰ স্বামীৰ মৃত্যু ক’ৰ’নাত হোৱা বুলি সংশ্লিষ্ট বিভাগৰ প্ৰমাণপত্ৰ থাকিব লাগিব। সেয়া ৰাজ্যিক পৰ্যায়ৰ কোভিড ডেথ অ’ডিট ব’ৰ্ডৰ দ্বাৰা প্ৰমাণীকৃত হ’ব লাগিব।

মৃত্যুৰ সময়ত লোক জন কোভিড পজিটিভ হৈ থকা হ’ব লাগিব।

মৃত্যু হোৱা লোক জন নিম্ন আয়ৰ পৰিয়ালৰ হ’ব লাগিব। তেনে পৰিয়ালৰ বাৰ্ষিক আয় ৫ লাখ টকাৰ অধিক হ’ব নালাগিব।
বিধৱা মহিলাগৰাকী চৰকাৰী চাকৰিয়াল হ’লে এই সাহায্য লাভ নকৰিব।

অৰুণোদয় আৰু বিধৱা পেঞ্চন লাভ কৰা মহিলাইয়ো এই আঁচনিৰ সুবিধা লাভ কৰিব।