বিধেয়ক বিৰোধী প্ৰতিবাদৰ মাজতেই আজিৰে পৰা আৰম্ভ হ’ল উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা

IMG_20190212_102911

উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। ফটো: নৰ্থ-ইষ্ট নাও

ৰাজ্যত নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিবাদৰ মাজতেই আজিৰে পৰা আৰম্ভ হৈছে উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষা। চলিত বৰ্ষত সমগ্ৰ ৰাজ্যৰ মুঠ ৭৭২ টা কেন্দ্ৰত ২৪২৮৪৪ জন শিক্ষাৰ্থী পৰীক্ষাত অৱতীৰ্ণ হৈছে বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ তথ্যত প্ৰকাশ কৰা হৈছে।

চলিত পৰীক্ষাত ক’লা শাখাত ১৮৬১৯৯ জন, বিজ্ঞান শাখাত ১৮২৮৯ জন, বাণিজ্য শাখাত ৩৭৪৫৪ জন আৰু বৃত্তিমুখী শাখাত ৯০২ জন ছাত্ৰ-ছাত্ৰী অৱতীৰ্ণ হৈছে। ১১ ফেব্ৰুৱাৰিৰ পৰা আৰম্ভ হোৱা উচ্চতৰ মাধ্যমিক পৰীক্ষা ১৪ মাৰ্চত সমাপ্ত হ’ব।

উল্লেখযোগ্য যে, এইবৰ্ষৰ পৰীক্ষাত মোবাইল ফোন অথবা অন্য ইলেক্ট্ৰনিক মাধ্যমৰ বিধিহীন প্ৰয়োগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত প্ৰথমবাৰৰ বাবে জামাৰ প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। যিকোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰ সমূহৰ ৫০ মিটাৰ ব্যাসাৰ্ধলৈ ১৪৪ ধাৰা প্ৰয়োগ কৰাৰ লগতে প্ৰত্যেকটো কেন্দ্ৰত চি চি টিভি কেমেৰা সংযোগ কৰা হৈছে।

অসমৰ বিভিন্ন দল-সংগঠনে পৰীক্ষাৰ্থী সকললৈ শুভেচ্ছা জ্ঞাপন কৰিছে। আনহাতে, পৰীক্ষাৰ সময়ত বন্ধ-আন্দোলন আদিৰ লগতে শব্দ প্ৰদূষণ আদিৰ সৃষ্টি নকৰিবলৈকো সংশ্লিষ্ট পক্ষক আহ্বান জনাইছে কেইবাটাও সামাজিক সংগঠনে।

এই সম্পৰ্কীয় অধিক খবৰৰ বাবে পঢ়ক:https://assam.nenow.in/called-for-no-sound-pollution-at-the-time-of-examinations/