অসম চৰকাৰে ৰাজ্যৰ বৰ্তমান প্ৰচলিত ভূমি আইনসমূহ বাতিল কৰি এখন নতুন সংহত আইন প্ৰণয়ন কৰিবলৈ আৰু ইয়াৰ বিৰুদ্ধে আপত্তি বা মতামত ৩০ জুনৰ ভিতৰত দাখিল কৰাৰ সময় নিৰ্ধাৰণ কৰাৰ অসম ৰাজ্যিক কৃষক সভাই প্ৰতিবাদ কৰিছে আৰু এনে ধৰণৰ গুৰুত্বপূৰ্ণ আৰু সংবেদনশীল বিষয়ত খৰখেদাকৈ আগবাঢ়িব বিচৰাৰ তীব্ৰ বিৰোধীতা কৰিছে ৷
অভিযোগ উত্থাপিত হৈছে যে গুৰুত্বপূৰ্ণ জাননীখন ৰাজহুৱা ভাৱে প্ৰকাশৰ বাবে ৰাজ্যৰ সকলো উপায়ুক্ত (আজিকালি জিলা আয়ুক্ত), চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া, মৌজাদাৰ আৰু পঞ্চায়তৰ কাৰ্যালয়ৰ জাননী ফলকত জাননী আৰি দিয়াৰ কোনো ব্যৱস্থা কৰা হোৱা নাছিল ৷
মাত্ৰ আনুষ্ঠানিকতা ৰক্ষা কৰি যোৱা ১ মে’ ২০২৫ তাৰিখে একাংশ সংবাদ পত্ৰৰ ভিতৰুৱা পৃষ্ঠাৰ এচুকত বিজ্ঞাপন প্ৰকাশ কৰা কাৰ্যই সমগ্ৰ প্ৰক্ৰিয়াটোক সন্দেহৰ আৱৰ্তলৈ ঠেলি দিছে ৷ আনহাতে প্ৰস্তাৱিত নতুন সংহত ভূমি আইনৰ খচৰা বা প্ৰয়োজনীয় তথ্যও উপলদ্ধ নহয় যাৰ বাবে নতুন আইনৰ উদ্দেশ্য সম্পৰ্কে আপত্তি দাখিলৰ ভিত্তিবোৰ কি হব পাৰে সেয়াও জনাৰ উপায় নাই ৷
বিগত প্ৰায় পঞ্চাশবছৰ পূৰ্বেই অসমৰ ভূমিৰ যি জৰীপ হৈছিল তাৰ পাছত আৰু কোনোধৰণৰ জৰীপ হোৱা নাই ৷ এই দীৰ্ঘ সময়ছোৱাত অসমৰ ভূমিৰ বিষয়ত বহু নতুন সমস্যা আৰু জটিলতাৰ সৃষ্টি হৈছে ৷ অসমৰ ভূমি ব্যৱস্থাৰ বৰ্তমানৰ জটিলতাৰ পুঙ্খানুপুঙ্খ অধ্যয়ন কৰাৰ পাছতহে প্ৰয়োজনীয় সংশোধনৰ কথা আহিব পাৰে কিন্তু পুৰণি আইন বাতিল কৰি নতুন আইন প্ৰণয়নৰ দাবী এতিয়ালৈকে কোনো পক্ষৰ পৰা উত্থাপিত হোৱা নাই ৷ অসম বিধান সভাৰ ২০২৬ৰ আগন্তুক নিৰ্বাচনৰ আগে আগে খৰখেদাকৈ নতুন সংহত ভূমি আইন প্ৰণয়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰিব বিচৰাৰ আৰত অসমৰ ভূমি সমস্যা সমাধানতকৈ বিজেপিৰ দলীয় এজেণ্ডা বা নিৰ্বাচনী স্বাৰ্থহে জড়িত থকাৰ সন্দেহ উপজিছে ৷ অসম ৰাজ্যিক কৃষক সভাই দাবী কৰে যে প্ৰথমতে ৰাজ্য চৰকাৰে অসমৰ সকলো ভূমিৰ বিজ্ঞানসন্মত জৰীপ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰক আৰু নতুন সংহত ভূমি আইনৰ প্ৰস্তাৱ বাতিল কৰক ৷