NORTHEAST NOW (Assamese)

শান্তিৰ স্বাৰ্থত পৰেশ বৰুৱাক আলোচনালৈ আহ্বান নেশ্যনেল পিপলছ পাৰ্টি, অসম শাখাৰ

May 24, 2021 7:16 am · নিৰ্মলেন্দু পাঠক

নিষিদ্ধ ঘোষিত সংগঠন আলফাৰ সেনাধ্যক্ষ পৰেশ বৰুৱাক অসমৰ শান্তিৰ স্বাৰ্থত আলোচনাৰ মাজলৈ আহিবলৈ আহ্বান জনোৱাৰ লগতে এই ক্ষেত্ৰত  আলফাৰ লগত স্থায়ী শান্তি আলোচনাৰ ইতিবাচক পদক্ষেপ লোৱা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক নেশ্যনেল পিপলছ পাৰ্টিৰ অসম শাখাই শুভেচ্ছা জ্ঞাপন কৰে।

পিপলছ পাৰ্টিৰ অসম শাখাৰ তত্বাৱধায়ক বিশ্বজিৎ বৰুৱা স্বাক্ষৰিত সংবাদ মাধ্যমলৈ দিয়া এক প্ৰেছ বিজ্ঞপ্তিত নৱ নিৰ্বাচিত চৰকাৰ আৰু বিধায়ক সকললৈ শুভেচ্ছা জ্ঞাপন কৰে।

“কা” বিৰোধী আন্দোলনৰ নেতা দীৰ্ঘকালীন কাৰাবন্দী শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈলৈ বিশেষভাৱে অভিনন্দন জ্ঞাপন কৰি ক’ভিদৰ ভেকচিন প্ৰত্যেকজন নাগৰিকক বিনামূলীয়াকৈ প্ৰদান কৰা, এই মহামাৰীৰ সময়চোৱাত জনতাক হাৰাশাস্তি নকৰা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি ৰোধ কৰা, ছাত্ৰ ছাত্ৰীৰ পাঠ্যক্ৰম গ্রহণযোগ্য কৰি তোলাৰ লগতে বাৰিষাৰ পূৰ্বে মথাউৰীৰ কাম সম্পন্ন কৰিবলৈকো চৰকাৰক আহ্বান জনায়।

Related News