NORTHEAST NOW (Assamese)

অ’এনজিচিক অইলৰ লগত চামিলকৰণৰ বিৰোধিতা ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাৰ

September 14, 2021 4:14 pm ·
Updated: September 14, 2021 10:06 pm

অ’এনজিচিক অইলৰ লগত চামিলকৰণৰ বিৰোধিতা কৰিছে ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছ অসম শাখাই।

আজি শিৱসাগৰত এক সংবাদ মেল অনুষ্ঠিত কৰি অসমৰ মুখ্যমন্ত্ৰীক বিষয়টো পুনৰ বিবেচনা কৰিবলৈ সংগঠনটোৱে আহ্বান জনায়।

লগতে দুয়োটা প্ৰতিষ্ঠানক অসমত কাম কৰি থাকিবলৈ সহায় কৰাৰ লগতে অ’এনজিচিক অধিক কাৰ্যক্ষম আৰু লাভজনক প্ৰতিষ্ঠান হিচাপে গঢ়ি তুলি অসমৰ অৰ্থ সামাজিক বিকাশ আৰু নিবনুৱাৰ কৰ্ম সংস্থাপনৰ ব্যৱস্থা কৰাত গুৰুত্ব দিবলৈ আহ্বান জনায়।

অহা ২৮ ছেপ্টেম্বৰত অ’ এন জি আৰু অইলৰ চামিলকৰণ প্ৰস্তাৱৰ বিষয়টো সন্দৰ্ভত আলোচনা কৰাৰ লগতে পৰিস্থিতি বুজ ল’বলৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা শিৱসাগৰ জিলালৈ আহিব বুলি সংবাদমেলত অৱগত কৰে মজদুৰ কংগ্ৰেছে।

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে অ’এন জি চিক অইলৰ সৈতে চামিলকৰণ কৰিবলৈ প্ৰস্তাৱ লোৱা বুলি মন্তব্য কৰিছিল।

আজিৰ এই সংবাদ মেলত ভাৰতীয় ৰাষ্ট্ৰীয় মজদুৰ কংগ্ৰেছৰ অসম শাখাৰ সভাপতি হিৰণ্য বৰাৰ লগতে পূৰ্বাঞ্চল শ্ৰমিক ইউনিয়নৰ সঞ্জীৱ বৰুৱা উপস্থিত থাকে।

Related News