যত কুটৰ ঘাই! দুৰ্ঘটনাৰ পিছতেই পলায়ন দায়িত্বত থকা সহকাৰী ষ্টেশ্যন মাষ্টাৰ

শুকুৰবাৰে নিশা উৰিষ্যাত সংঘটিত হোৱা ভয়ানক ৰে’ল দুৰ্ঘটনাত এতিয়ালৈকে প্ৰায় ৩০০ জন যাত্ৰী নিহত হোৱাৰ লগতে প্ৰায় ১০০০ যাত্ৰী আহত হৈছে। আনহাতে এতিয়ালৈকে চিনাক্ত হোৱা নাই ডেৰশতকৈও অধিক মৃতদেহ। সন্ধানহীন অৱস্থাত আছে শতাধিক আহত যাত্ৰী। 

ঘটনা সংঘটিত হোৱাৰ পিছতেই সমগ্ৰ বিশ্বতেই চাঞ্চল্যৰ সৃষ্টি হৈছে। বিশ্বৰ বিভিন্ন দেশে উৰিষ্যাৰ এই ঘটনাত দুখ প্ৰকাশ কৰি ভাৰতলৈ শোক-বাৰ্তা প্ৰেৰণ কৰিছে। আহত ব্যক্তি সকলক সহায় কৰিবলৈ তথা ৰক্তদানৰ বাবে দেশৰ বিভিন্ন স্থানৰ পৰা উৰিষ্যালৈ ৰাওনা হৈছে ভালেসংখ্যক লোক। 

ঘটনাৰ উচিত তদন্তৰ দাবী জনাই দেশৰ প্ৰায় সকলো প্ৰান্তত প্ৰতিবাদৰ জোৱাৰ উঠিছে। কেন্দ্ৰীয় ৰে’লমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ পদত্যাগ দাবী কৰিছে সকলো বিৰোধী দলে। 

লগতে পঢ়কঃ এতিয়াও চিনাক্ত হোৱা নাই ১৬০টা মৃতদেহ! বালেশ্বৰৰ পৰা আঁতৰাইছে চৰকাৰে; ক’লৈ নিয়া হৈছে?

তিনিখন ৰেলৰ সংঘৰ্ষৰ কৰুণ দৃশ্য বিয়পি পৰিছে সামাজিক মাধ্যমত।  আহতসকলৰ কান্দোন আৰু মৃতকৰ পৰিয়ালৰ কান্দোন একাকাৰ হৈ পৰিছে। সময়ৰ লগে লগে বৃদ্ধি পাইছে মৃতকৰ সংখ্যা। দুৰ্ঘটনাটোৰ বাবে প্ৰকৃততে কোন দায়ী, তাকে লৈ সৃষ্টি হৈছে বিতৰ্কৰ।

ইয়াৰ মাজতে আহি পৰিছে আন এটা খবৰ।  জানিব পৰা মতে, দুৰ্ঘটনাৰ সময়ত  বাহানাগা ষ্টেশ্যনৰ দায়িত্বত আছিল সহকাৰী ষ্টেশ্যন মাষ্টাৰ এছ বি মাহন্তি। কিন্তু আচৰিত ভাবে দুৰ্ঘটনাটো সংঘটিত হোৱাৰ পিছ মুহূৰ্তৰ পৰাই পলাতক অৱস্থাত আছে দায়িত্বত থকা ষ্টেশ্যন মাষ্টাৰ এছ বি মাহন্তি। 

লগতে পঢ়কঃ উৰিষ্যাঃ  নিজে বাচিল কিন্তু বচাব নোৱাৰিলে ১৮ বছৰীয়া পুত্ৰক, ঘৰলৈ ফোন কৰি নিজেই দিলে পুত্ৰৰ মৃত্যু সংবাদ

জানিব পৰা মতে  আৰক্ষীয়ে বিচাৰি ফুৰিছে যদিও বিচাৰি পোৱা সহকাৰী ষ্টেশ্যন মাষ্টাৰগৰাকীক। সেই এই মুহূৰ্তত সচেতন মানুহৰ মনত প্ৰশ্নৰ উদয় হৈছে – ঘটনাৰ পিছত কিয় পলায়ন কৰিলে বিষয়াগৰাকীয়ে? বিষয়াগৰাকীৰ অকৰ্মণ্যতাৰ বাবেই সংঘটিত হ’বলৈ পালে নেকি এই ভয়ানক দুৰ্ঘটনাটো, এই প্ৰশ্নই এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰাইজৰ মনত।