সোমবাৰে অসম ৰাজ্যিক বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদে দিছপুৰ প্ৰেছ ক্লাৱত এক সংবাদমেল সম্বোধন কৰে। সংবাদমেলখন সম্বোধন কৰে পৰিষদৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তী, উপদেষ্টা নিৰঞ্জন অধিকাৰী আৰু উপ-সভাপতি দেৱজিৎ মজুমদাৰে।
দিছপুৰ মহাবিদ্যালয়ৰ পৰা ৭৬ লাখ টকা হৰলুকি হোৱা ঘটনাত ইতিমধ্যে আৰক্ষীয়ে তদন্ত কৰি আছে বুলি তেওঁলোকে উল্লেখ কৰে।
এই বিষয়ত ৰাজ্যিক বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদৰ উপ-সভাপতি দেৱজিৎ মজুমদৰে কয়, “আমাৰ বেংকৰ কৰ্মচাৰীয়ে আৰক্ষীক পূৰ্ণ সহযোগিতা আগবঢ়াই আছে।‘’
লগতে পঢ়ক: বটদ্ৰৱা থানা আক্ৰমণৰ ঘটনাৰ অন্যতম অভিযুক্ত আশ্বিকুল ইছলাম আৰক্ষীৰ গাড়ীৰ খুন্দাত নিহত!
‘’টকাখিনি হৰলুকি হৈছে এয়া আমি মানি লৈছো ৷ ইয়াত বেংকৰো দোষ নথকা নহয়৷ কিন্তু দিছপুৰ মহাবিদ্যালয়ে বাৰে বাৰে কৈ আছে যে ‘টকাখিনি চুৰ কৰিছে বেংকে’। এই কথাখিনিত আমি কষ্ট পাইছো কাৰণ বেংকে কেতিয়াও গ্ৰাহকক মাৰিব নুখুজে।‘’
তেওঁ লগতে কয়, ‘’হৰলুকি ঘটনাত যদি বেংকৰ লোক জড়িত আছে তেন্তে তেওঁ শাস্তি পাবই লাগিব ৷ তাত কোনো সন্দেহ নাই।”
তদুপৰি, এই সম্পৰ্কত ৰাজ্যিক বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদৰ সভাপতি দিলীপ কুমাৰ চক্ৰৱৰ্তীয়ে কয়, “কোনো এটা পেমেন্ট কৰোতে কিছুমান নিয়ম থাকে৷ পেমেন্ট কৰা সময়ত আমি নিয়ম মতেই কৰিছো। বেংক উদ্যোগৰ পৰিসৰ বৰ্তমান যথেষ্ট বাঢ়ি গৈছে।
লগতে পঢ়ক: আৰক্ষীৰ গুলীত আহত অভিযুক্ত চোৰাং চিকাৰী জাগিৰ; কি ক’লে বিশ্বনাথৰ আৰক্ষী অধীক্ষকে?
দিছপুৰ মহাবিদ্যালয়ক টকাখিনি ঘূৰাই দিবলৈ লোৱা কাৰণ এটাই-এয়া বেংকৰ এটা নৈতিক দায়িত্ব, কাৰণ গ্ৰাহক এজনক বেংকে কেতিয়াও বিপদত পৰিব নিদিয়ে।”
তেওঁ কয় যে এই ঘটনাটো যদি দুষ্ট চক্ৰৰ প্ৰভাৱত পৰা বুলি প্ৰমাণিত হয় তেন্তে বেংকে বীমা কোম্পানীক ক্লেইম কৰিব পাৰিব আৰু হেৰুওৱা টকাখিনি বীমা কোম্পানীয়ে ঘূৰাই দিব৷ সেই বাবেহে দিছপুৰ মহাবিদ্যালয়ক টকা ঘূৰাই দিম বুলি কথা দিছো।
লগতে পঢ়ক: Rajya Sabha polls: ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিলে কংগ্ৰেছে; তালিকাত কোন কোন?
আনহাতে, ৰাজ্যিক বেংক অফ বৰোডা কৰ্মচাৰী পৰিষদৰ উপদেষ্টা নিৰঞ্জন অধিকাৰীয়ে কয়, “পইচাখিনি কলকাতাৰ বিভিন্ন একাউন্টত সোমোৱাৰ তথ্য লাভ কৰিছো। ইতিমধ্যে ২২.৫০ লাখ টকা আমি ব্লক কৰিছো। অতি সোনকালে সেইখিনি টকা দিছপুৰ মহাবিদ্যালয় একাউন্টত সোমাব।”