ভাৰত-ভূটান সীমান্তৰ গুৱাবাৰীত বৰনদীয়ে সৃষ্টি কৰিছে ভয়ংকৰ গৰাখহনীয়াৰ

গৰাখহনীয়া ৰোধৰ বাবে চল্লিশ লাখ টকাৰ আঁচনি গ্ৰহণ

dog

*

বাক্সা জিলাৰ তামুলপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বৃহত্তৰ গুৱাবাৰী অঞ্চলত ভূটান সীমান্তৰ বগামাটিৰ পৰা বৈ অহা বৰনদীৰ ব্যাপক গৰাখহনীয়াই জনসাধাৰণক বহু বছৰ ধৰি জুৰুলা কৰি আহিছে ।

বিগত ২০০১ চনৰ পৰা নৈ খনে গুৱাবাৰী, উত্তৰ গুৱাবাৰী, হাটীকাটা, হস্তীনাপুৰ, অৰংগাজুলি আদি গাঁওত ব্যাপক গৰাখহনীয়াৰ সৃষ্টি কৰি অঞ্চলটোলৈ ভাবুকি কঢ়িয়াই আহিছে।

নদীখনৰ গৰাখহনীয়াৰ কৱলত পৰি ইতিমধ্যে গাঁও সমূহৰ বহু পৰিয়াল গৃহহাৰা হোৱাৰ উপৰিও বহু কৃষিভূমি নৈৰ বুকুত জাহ গৈছে।
বিগত সময়ছোৱাত অঞ্চলটোৰ ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক খহনীয়া ৰোধ কৰিবলৈ অনুৰোধ জনাই আহিছিল যদিও কোনো সুফল নোপোৱাত ৰাইজে গাঁঠিৰ ধন ভাঙি গাইড বান্ধ নিৰ্মান কৰিবলৈ লৈছে আৰু এই সন্দৰ্ভত কেইবাবাৰো বাতৰি প্ৰকাশ পাই আহিছে।

শেহতীয়া ভাৱে বিভিন্ন সংবাদ মাধ্যমৰ বাতৰি দৃষ্টিগোচৰ হোৱাৰ পিছতে মঙ্গলবাৰে অতিৰিক্ত উপায়ুক্ত তথা তামুলপুৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি ডাঃ বেদাংগ তালুকদাৰৰ নেতৃত্বত তামুলপুৰ ৰাজহ চক্ৰ বিষয়া ৰূপকমল ৰাভাৰ লগতে বিভাগীয় লোক সকলে গুৱাবাৰীত উপস্থিত হৈ গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰে।

গৰাখহনীয়া অঞ্চল পৰিদৰ্শন কৰি সংবাদ মাধ্যমৰ আগত মহকুমাধিপতি গৰাকীয়ে কয় যে এমজিএনৰেগাৰ অধীনত ৪০ লাখ টকাৰ আঁচনি প্ৰস্তুত কৰা হৈছে আৰু এই আঁচনিৰ অধীনত চল্লিশ লাখ টকা ব্যয় সাপেক্ষে এই গৰাখহনীয়া ৰোধ কৰাৰ বাবে বান্ধ বান্ধি ৰাইজৰ এই সমস্যা নাইকিয়া কৰা হব।

লগতে এই বান্ধৰ কাম অতি শীঘ্ৰেই আৰম্ভ কৰা হব বুলিও মহকুমাধিপতি ডাঃ বেদাঙ্গ তালুকদাৰে আশ্বাস দিয়ে।
উল্লেখযোগ্য যে ২০০১ চনৰ পৰা নদীখনে ওপৰত উল্লিখিত গাঁও সমূহত গৰাখহনীয়াৰ সৃষ্টি কৰি জনসাধাৰণৰ ব্যাপক ক্ষতি সাধন কৰি আহিছে।

বহু পৰিয়ালৰ ঘৰ বাৰী উচন হোৱাৰ লগতে কৃষি প্ৰধান অঞ্চলটোৰ খেতি মাটি নৈৰ বুকুত জাহ গৈ গৃহহাৰা হৈছে । ইপিনে চৰকাৰলৈ বাট নাচাই ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি নৈখনত বল্ডাৰেৰে গাইড বান্ধ নিৰ্মাণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি কাম অব্যাহত ৰখাৰ সময়তে আজি মহকুমাধিপতি গৰাকীয়ে গৰাখহনীয়া অঞ্চল পৰিভ্ৰমণ কৰি আঁচনি লোৱাৰ কৰা সদৰী কৰাত স্থানীয় ৰাইজে উৎফুল্লিত হৈ পৰিছে।