শনিবাৰে গুৱাহাটীৰ গণেশগুৰিস্থিত আপ, অসমৰ ৰাজ্যিক কাৰ্যালয়ত এখন সংবাদমেল সম্বোধন কৰি দিল্লীৰ সুৰা কেলেংকাৰীৰ সম্পৰ্কে কেতবোৰ বিস্ফোৰক তথ্য সদৰি কৰে আপ, অসমৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক হেমন্ত ফুকনে।
সংবাদ মেলখনত ফুকনে উল্লেখ কৰে যে যোৱা দুটা বছৰ ধৰি EDয়ে ৫০০টাতকৈ অধিক তালাচী চলালে। ১০০০ জনতকৈ অধিক লোকক সোধপোছ কৰিলে। কিন্তু EDয়ে অৰবিন্দ কেজৰিৱাল তথা আম আদমি পাৰ্টীৰ বিৰুদ্ধে কোনো প্ৰমাণ নাপালে। দৰাচলতে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে আম আদমি পাৰ্টী নহয়, বৰং বিজেপিহে জড়িত।
এই বিস্ফোৰক তথ্য সদৰি কৰি ৰাজ্যিক কাৰ্যনিৰ্বাহকজনে কয় যে দিল্লী সুৰা কেলেংকাৰীৰ মুখ্য অভিযুক্ত হিচাপে পূৰ্বতে বিবেচিত হোৱা সাৰথ ৰেড্ডীয়ে বিজেপিক Aurobindo Pharma, Eugia Pharma আৰু APL Healthcareৰ যোগেদি ৫৯.৫০ কোটি টকাৰ অনুদান ইলেক্ট’ৰেল ব’ণ্ডৰ যোগেদি প্ৰদান কৰে। এই বৃহৎ অনুদানৰ পাছতেই সাৰথ ৰেড্ডীক জামিনত মুকলি কৰাই তেওঁক ৰাজসাক্ষী হিচাপে গ্ৰহণ কৰা হয়।
হেমন্ত ফুকনে কয় যে দিল্লীৰ তথাকথিত সুৰা কেলেংকাৰীৰ সৈতে বিজেপিহে জড়িত হৈ আছে আৰু সেইবাবে বিজেপিৰ সভাপতি জেপি নাড্ডাক গ্ৰেপ্তাৰ কৰি বিজেপিকো এই তদন্তৰ আওঁতালৈ আনিব লাগে।
সংবাদ মেলখনত আপৰ ৰাজ্যিক উপ-সভাপতি ৰাজীৱ শইকীয়া আৰু মিডিয়া সমন্বয়ক জয়ন্ত কুমাৰ কলিতাও উপস্থিত থাকে।