ৰাজনৈতিক অনুদানৰ ক্ষেত্ৰত পুনৰ শীৰ্ষত বিজেপি : তৃতীয় স্থানত কংগ্ৰেছ
২০২৩-২৪ বিত্তীয় বৰ্ষত সকলোতকৈ বেছি ৰাজনৈতিক অনুদান লাভ কৰা দলটো হৈছে ভাৰতীয় জনতা পাৰ্টি।
প্ৰতি বছৰৰ দৰে এইবাৰো ৰাজনৈতিক দলসমূহে লাভ কৰা ৰাজনৈতিক অনুদানৰ সঠিক পৰিমাণ প্ৰকাশ কৰিছে। তথ্য অনুসৰি, ২০২৩-২৪ বিত্তীয় বৰ্ষত বিজেপিয়ে সৰ্বাধিক অনুদান লাভ কৰিছে।
বিজেপিয়ে লাভ কৰা ধনৰ পৰিমাণ ২২৪৪ কোটি। ইয়াৰে অধিকাংশই ২০ হাজাৰ বা তাতকৈ অধিক অংশত আহিছিল।
অৰ্থাৎ বিজেপিলৈ চান্দা পঠোৱাসকলৰ কোনো এজনেও যে সামান্য টকা দান কৰা নাই সেয়া স্পষ্ট।
কিন্তু আমোদজনক কথাটো হ’ল দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দল কংগ্ৰেছৰ কোষাগাৰত জমা হোৱা অনুদানৰ পৰিমাণ বহুত কম।
যোৱা বিত্তীয় বৰ্ষত তেওঁলোকৰ একাউণ্টত জমা হৈছে মাত্ৰ ২৮৯ কোটি টকা।
এই ক্ষেত্ৰত কংগ্ৰেছতকৈও বহু আগত আছে কে চন্দ্ৰশেখৰ ৰাওৰ ভাৰত ৰাষ্ট্ৰ সমিতি বা বি আৰ এছ। তেওঁলোকে লাভ কৰিছিল ৫৮০ কোটি টকাৰ চান্দা।
উল্লেখ্য যে কংগ্ৰেছতকৈ বিজেপিৰ সম্পত্তি ৭৭৬.৮২ শতাংশ বেছি। কংগ্ৰেছ আৰু বিজেপিলৈ আগবঢ়োৱা অনুদানৰ তালিকাৰ শীৰ্ষত আছে এটা নাম – প্ৰুডেণ্ট ইলেক্টৰেল ট্ৰাষ্ট।
ভাৰতীয় নিৰ্বাচন আয়োগৰ ৱেবছাইটত প্ৰদান কৰা তথ্য অনুসৰি বিজেপিয়ে সংস্থাটোৰ পৰা ৭২৩ কোটি টকা লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ১৫৬ কোটি টকা লাভ কৰে।