NORTHEAST NOW (Assamese)

মেয়ৰ মৃগেন শৰণীয়া নেতৃত্বাধীন বিজেপিৰ পৌৰ নিগমে সম্পূৰ্ণ কৰিলে ব্যৰ্থতাৰ এবছৰ

May 2, 2023 8:36 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 2, 2023 6:43 pm

মেয়ৰ মৃগেন শৰণীয়া নেতৃত্বাধীন বিজেপিৰ গুৱাহাটী পৌৰ নিগমৰ এবছৰীয়া কাৰ্যকালক  ‘ব্যৰ্থতাৰ এবছৰ’ আখ্যা দিছে আম আদমি পাৰ্টী, অসমে।

এই সন্দৰ্ভত আজি গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত আয়োজন কৰা এখন সংবাদমেলত আপৰ ৰাজ্যিক উপ-সভাপতি জিতুল ডেকাই কয় যে কৰ সংগ্ৰহতেই ব্যস্ত থকা মেয়ৰ মৃগেন শৰণীয়াই যোৱা এবছৰীয়া কাৰ্যকালত গুৱাহাটীবাসীক দিয়া প্ৰতিশ্ৰতিসমূহ পালন কৰিব নোৱাৰা কাৰণে, গুৱাহাটীবাসীৰ আশা-আকাংক্ষা, অভাৱ, সমস্যা সমাধান কৰিব নোৱাৰা কাৰণে ক্ষমা খুজিব লাগে। গুৱাহাটীবাসীৰ প্ৰধান খোৱা পানীৰ সমস্যা সমাধান কৰাত ব্যৰ্থ হৈছে মৃগেন শৰণীয়া। জি এছ ৰোডৰ বাহিৰে প্ৰায় সকলোবোৰ ৰাস্তা খান্দি দিয়া হৈছে। যাৰ ফলত যাতায়তৰ বাবে গুৱাহাটীৰ বাসিন্দা সকলে সমস্যাত ভুগিছে। সম্পত্তি কৰৰ নামত সন্ত্ৰাসৰ সৃষ্টি কৰাৰ লগতে প্ৰতাৰণা কৰিছে। শিলসাঁকোৰ উচ্ছেদিত পৰিয়ালৰ পৰা সম্পত্তি কৰ সংগ্ৰহ কৰিছিল। সম্পত্তি কৰ লোৱাৰ পিছত এই পৰিয়ালসমূহৰ ঘৰ ভাঙি দিয়া হল। অবৈধ বেদখলকাৰী বুলি ঘৰ ভাঙি দিয়া পৰিয়ালসমূহৰ পৰা কৰ কিয় সংগ্ৰহ কৰিছিল? যিহেতু তেওঁলোকৰ ঘৰ ভাঙি দিয়া হৈছে, সেয়ে  যদি মূল্যবোধ আছে সংগ্ৰহ কৰা কৰৰ টকা তেওঁলোকক ঘূৰাই দিয়ক।

উল্লেখ্য যে যোৱা পৌৰ নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত শৰণীয়াই প্ৰতিশ্ৰুতি দিছিল যে ছুইচ দিলেই গুৱাহাটীবাসীয়ে পানী পাব। এতিয়া এবছৰ সম্পূৰ্ণ হোৱাৰ পিছত কোন কোন অঞ্চলত কিমান লোকক এই সুবিধা প্ৰদান কৰিলে তাৰ তালিকা প্ৰকাশ কৰিবলৈ দাবী জনাইছে আম আদমী পাৰ্টিয়ে।

মন কৰিবলগীয়া কথা যে পথৰ গাড়ী এখন ৰাখিলেই পৌৰ নিগমক মাচুল দিব লাগে অথচ যাৱতীয় পাৰ্কিং ব্যৱস্থা কৰিব পৰা নাই। মেয়ৰ মৃগেন শৰণীয়াই কিবা কব খুজিলেই ৰাইজ শংকিত হৈ পৰে আকৌ নতুন কিবা কৰৰ বোজা জাপি দিয়ে নেকি!

গুৱহাটীৰ বানপানী ৰুধিবলৈ ২৫ কোটি টকা খৰচ কৰি ছুপাৰ ছাকাৰ আনিলে কিন্তু এতিয়া সেই ছুপাৰ ছাকাৰ চলোৱাৰ দায়িত্ব ব্যক্তিগত প্ৰতিষ্ঠানক দিব বিচাৰিছে চৰকাৰে। বিভিন্ন শিতানত কেবা শ কোটি টকা জমা থকা পাছতো উন্নয়নৰ বাবে এটাও কামৰ অৰ্ডাৰ দিব পৰা নাই।

সংবাদ মেলত উল্লেখ কৰা অনুসৰি পৌৰ নিগমৰ পানীৰ শিতানত ২৮ কোটি, লোকনিৰ্মাণত ২৩ কোটি, ইলেকট্ৰিক লাইটৰ শিতানত ৫২ কোটি টকা জমা আছে, কিন্তু কামত খৰচ কৰিব পৰা নাই। সেয়ে মৃগেন শৰণীয়া এগৰাকী ব্যৰ্থ মেয়ৰ তেওঁ এই ব্যৰ্থতাৰ বাবে ক্ষমা খোজা উচিত।

আনহাতে, মন্ত্ৰী অশোক সিংঘালৰ পুত্ৰৰ প্ৰতিষ্ঠান প্ৰটেক হাউচিঙ কেলেংকাৰীৰ তদন্ত বিচাৰি ৰাজ্যপালক আজি স্মাৰক পত্ৰ প্ৰদান কৰে আপ অসমে।

Related News