ব্ৰহ্মপুত্ৰ নদীৰ মাজত আৱদ্ধ কৃষি মন্ত্ৰী অতুল বৰাৰ নাঁও; নিশা বোকাখাতত চাঞ্চল্য

Image_1595615433135~2

ব্রহ্মপুত্রৰ মাজত আৱদ্ধ পৰাৰ সময়ত মন্ত্ৰী অতুল বৰাৰ নাও। ফটো: নৰ্থইষ্ট নাও

নিজৰ গৃহ সমষ্টি বোকাখাতৰ দিচৈং পঞ্চায়তৰ লহৰে চাপৰিলৈ শুকুৰবাৰে বানসাহায্য আৰু বান পৰিস্থিতিৰ বুজ লবলৈ গৈছিল কৃষি মন্ত্ৰী অতুল বৰা ৷

বাৰিষাৰ বানত ওফন্দি থকা ব্ৰহ্মপুত্ৰৰ বুকুত যন্ত্ৰ চালিত নাঁৱেৰে লহৰে চাপৰিলৈ গৈছিল মন্ত্ৰী গৰাকী ৷

তেওঁৰ লগত অসম গণ পৰিষদ দলৰ বোকাখাত জিলাৰ সভাপতি জগত কলিতাৰ উপৰিও ভালেমান বিষয়ববীয়া আৰু বোকাখাতৰ ৰাজহ চক্ৰ বিষয়াও গৈছিল ৷

যন্ত্ৰ চালিত নাঁৱেৰে গৈ লহৰে চাপৰিত উপস্থিত হৈছিল গৈ অতুল বৰা ৷

লহৰে চাপৰিৰ বন্যাৰ্ত ৰাইজৰ মাজত বান সাহায্য বিতৰণ কৰি পৰিস্থিতিৰ বুজ লৈ লহৰে চাপৰিৰ পৰা উভতি অহাৰ পৰা বেলি পাতত উঠিল ৷

কানিমুনি সময়ত ওফন্দি থকা ব্ৰহ্মপুত্ৰৰ বুকুত উভতি আহোতে এটা বালিচৰত আৱদ্ধ হয় অতুল বৰাৰ নাওঁ ৷

ইতিমধ্যে আন্ধাৰ নামি আহিছিল ৷ বান পানীৰ মাজত বালিচৰতে বহু সময় আৱদ্ধ হৈ পৰিব লগা হয় কৃষি মন্ত্ৰীৰ নাওঁখন ৷

ইয়াৰ মাজতে নাঁওৰ যাত্ৰী আৰু নাঁৱৰীয়াৰ প্ৰচেষ্টাত বালিচৰৰ পৰা মুকলি হয় অতুল বৰা যোৱা নাওঁখন ৷

ৰাতিৰ আন্ধাৰৰ মাজেৰে অতুল বৰাৰ নাঁওখন ভৰা লুইতেৰে ভটিয়াই আহি বহু পলমকৈ অৱশেষত কুৰুৱাবাহীৰ নিকৰিঘাটত নাওঁ চপাবলৈ সক্ষম হয়।

ইপিনে, ব্ৰহ্মপুত্ৰৰ বুকুত অতুল বৰাৰ নাওঁ আৱদ্ধ হোৱাৰ খবৰ বিয়পি পৰাৰ লগে লগে সমগ্ৰ বোকাখাততে চাঞ্চল্যৰ সৃষ্টি হয়৷

বোকাখাতৰ মহকুমাধিপতি আৰু আৰক্ষীৰ দল গৈ নিকৰিঘাটত উপস্থিত হয় ৷ অৱশেষতসকলো শংকা দূৰ কৰি নিশা ৯ মান বজাত নিকৰিঘাটত সুকলমে কৃষি মন্ত্ৰী অতুল বৰাৰ নাওঁখন ওলায়হি ৷