সোমবাৰে তিনিচুকীয়া জিলাৰ উত্তৰ মাৰ্ঘেৰিটা ৰংগমঞ্চত বৌদ্ধ সন্ন্যাসীসকলে সৈতে তিনি ঘণ্টীয়া শান্তিপূৰ্ণ বিক্ষোভ প্ৰদৰ্শন কৰি বোধ গয়া মন্দিৰ পৰিচালনা সমিতিৰ আইন, ১৯৪৯ বাতিলৰ দাবীত জনায়।
বোধ গয়াৰ পৰিচালনা বৌদ্ধ সম্প্ৰদায়লৈ হস্তান্তৰ কৰাৰ আহ্বান জনাই দেশজোৰা বৃহত্তৰ আন্দোলনৰ অংশ হিচাপে এই প্ৰতিবাদ সাব্যস্ত কৰে তিনিচুকীয়াৰ বৌদ্ধ সন্ন্যাসী সকলে।
তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ লগতে চুবুৰীয়া অৰুণাচল প্ৰদেশৰ ৫০০ৰো অধিক বৌদ্ধ ভক্তই প্লেকাৰ্ড আৰু বেনাৰ হাতত লৈ প্ৰতিবাদস্থলীত সমবেত হয়।
সদৌ অসম বৌদ্ধ সন্থা (তিনচুকীয়া জিলা সমিতি), পূৰ্বাঞ্চল ভিক্ষু সংঘ, পূৰ্বাঞ্চল বুদ্ধ সমিতি, আৰু ফেডাৰেচন অৱ বৰুৱা বৌদ্ধ কল্যাণ সন্থাৰ নেতৃত্বত অনুষ্ঠিত হয় এই বিক্ষোভ কাৰ্যসূচী।
বৰুৱা বৌদ্ধ কল্যাণ সংস্থা ফেডাৰেচনৰ মহাসচিব ছিবু তালুকদাৰে বোধগয়াৰ বৰ্তমানৰ সমিতিক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে বোধ গয়া মন্দিৰ পৰিচালনা আইনখনে অবৌদ্ধসকলক বিশ্বজুৰি বৌদ্ধসকলে শ্ৰদ্ধা কৰা পবিত্ৰ মন্দিৰটোৰ তদাৰক কৰিবলৈ অনুমতি দিয়াটো গভীৰ দুৰ্ভাগ্যজনক।
শেহতীয়া পৰিঘটনাসমূহৰ ওপৰত আলোকপাত কৰি তালুকদাৰে স্মৰণ কৰে যে ১২ ফেব্ৰুৱাৰীত বিহাৰৰ বোধগয়াত বৌদ্ধ সন্ন্যাসীসকলে মন্দিৰৰ প্ৰশাসন নিয়ন্ত্ৰণৰ দাবীত অনশন কাৰ্যসূচী আৰম্ভ কৰিছিল। কিন্তু ২৮ ফেব্ৰুৱাৰীত মাজনিশা বিহাৰ আৰক্ষীয়ে তেওঁলোকৰ প্ৰতিবাদস্থলীৰ পৰা সন্ন্যাসীসকলক বলপূৰ্বকভাৱে আঁতৰাই নিয়াৰ অভিযোগ উত্থাপন কৰা হৈছে, যিটো কাৰ্য্যই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে ইয়াৰ বাহিৰত বৌদ্ধ ভক্তসকলৰ আৱেগক গভীৰভাৱে আঘাত কৰিছে।