জন্মগত জটিলতাৰ বাবে এটি নৱজাতকক এম ৱাই হাস্পতালৰ আই চি ইউ (এন আই চি ইউ)ত ভৰ্তি কৰোৱা হৈছিল। কিন্তু তাতেই নৱজাতকটিৰ মৃত্যু হয়। পৰিয়ালৰ লোকে দাবী কৰা মতে এন্দুৰৰ কামোৰত শিশুটিৰ মৃত্যু হৈছে।
অৱশ্যে এই কথা অস্বীকাৰ কৰিছে চিকিৎসালয় কৰ্তৃপক্ষই। জন্মগত ৰোগৰ বাবেই শিশুটিৰ মৃত্যু হোৱা বুলি দাবী কৰিছে তেওঁলোকে।
মধ্য প্ৰদেশৰ ইন্দোৰত সংঘটিত হৈছে এই ঘটনা।
পৰিয়ালৰ লোকে জনোৱা মতে, শনিবাৰে নৱজাতকৰ মৃতদেহ চিকিৎসালয়ৰ পৰা প্লাষ্টিকেৰে মেৰিয়াই তেওঁলোকক গতাই দিয়ে। কিন্তু বেগটো খুলি দেখে যে শিশুটিৰ হাতৰ চাৰিটা আঙুলি নাই।
ধৰৰ ৰূপপটা গাঁৱৰ নিবাসী শিশুটিৰ পিতৃ দেৱৰামে সংবাদ মাধ্যমৰ আগত কয় যে, “বুধবাৰে মোৰ ছোৱালীজনীৰ মৃত্যু হয়। কিন্তু শনিবাৰেহে মৃতদেহটো আমাৰ হাতত গতাই দিয়া হয়। আমি যেতিয়া অন্ত্যেষ্টিক্ৰিয়াৰ বাবে সাজু হ’বলৈ কাপোৰ খুলিছিলো তেতিয়া আমি দেখিছিলো যে এখন হাতৰ চাৰিটা আঙুলি নোহোৱা হৈছে।”
আনহাতে চিকিৎসালয় কৰ্তৃপক্ষই দাবী কৰে যে নৱজাতকৰ মৃত্যু এন্দুৰৰ বাবে নহয়। এটা বিবৃতিত কোৱা হৈছে যে, “জন্মৰ জটিলতাৰ বাবে শিশুটিৰ মৃত্যু হয়। মঙলবাৰে নিশা এটা এন্দুৰে নৱজাতকৰ আঙুলিত কামুৰিলে সঁচা, কিন্তু সেয়া মৃত্যুৰ কাৰণ নহয়।”
ঘটনা পোহৰলৈ অহাৰ লগে লগে চিকিৎসালয়ৰ ৪ কৰ্মচাৰীক নিলম্বন কৰা হৈছে। নাৰ্চিং ইনচাৰ্জ আৰু শিশু অস্ত্ৰোপচাৰ বিভাগৰ মুৰব্বীকো কাৰণ দেখুৱাবলৈ জাননী জাৰি কৰা হৈছে।শনিবাৰে নৱজাতকৰ পিতৃ-মাতৃয়ে চিকিৎসালয়খনৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে। তেওঁলোকৰ সৈতে জয় আদিবাসী যুৱ শক্তি (JAYS) সংগঠনৰ কৰ্মীসকলো উপস্থিত থাকে। এক কোটি টকা ক্ষতিপূৰণ দিয়াৰ লগতে চিকিৎসালয় প্ৰশাসনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায় তেওঁলোকে।