NORTHEAST NOW (Assamese)

নাজিৰা পাতঘৰ চাৰিআলিত শিলৰ  ক্ৰেচাৰত উদ্ধাৰ ছাত্ৰীৰ মৃতদেহ

January 25, 2025 2:44 pm · নয়নমণি ভৰদ্বাজ, নাজিৰা

শিৱসাগৰ জিলাৰ নাজিৰাত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা।

নাজিৰা পাতঘৰ চাৰিআলিত শিলৰ  ক্ৰেচাৰত উদ্ধাৰ হৈছে এগৰাকী ছাত্ৰীৰ মৃতদেহ

জানিব পৰা মতে, ছাত্ৰীগৰাকীৰ নাম দিপালী আগৰিয়া

গেলেকী ত্ৰিবেণী হাইস্কুলৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী আছিল দিপালী আগৰিয়া ।

যোৱা তিনিদিন ধৰি সন্ধানহীন হৈ আছিল ছাত্ৰী গৰাকী।

ছাত্ৰী গৰাকীৰ ঘৰ মেঠনচোৱাৰ উৰিয়া বস্তিত।

ছাত্ৰীগৰাকীৰ মৃত্যুৰ কাৰণ এতিয়াও স্পষ্ট হোৱা নাই।

ইতিমধ্যে মৃতদেহ মৰণোত্তৰ পৰীক্ষা বাবে প্ৰেৰণ কৰি তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Related News