বিশিষ্ট শিক্ষাবিদ তথা কম্যুনিষ্ট নেতা প্ৰয়াত অৱনী বৰঠাকুৰৰ গ্ৰন্থ ‘গান্ধীক বিচাৰি’ উন্মোচন

যোৱা ২৩ জুলাই তাৰিখে মৃত্যুবৰণ কৰা অসমৰ কমিউনিষ্ট আন্দোলনৰ এগৰাকী অগ্ৰণী ব্যক্তি তথা নাজিৰা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ অৱনী বৰঠাকুৰৰ দ্বাৰা ৰচনা কৰা “গান্ধীক বিচাৰি” শীৰ্ষক গ্ৰন্থখন আজি গুৱাহাটীৰ উজান বজাৰস্থিত “ বিবেকানন্দ কেন্দ্ৰ”ত আনুষ্ঠানিক ভাৱে উন্মোচন কৰা হয় ৷

ব্ৰহ্মপুত্ৰ বুকছ এণ্ড পাব্লিকেছনৰ দ্বাৰা প্ৰকাশিত আৰু ৰাধানাথ বৰঠাকুৰ আৰু ভৱানী দেৱী স্মাৰক ন্যাসৰ উদ্যোগত প্ৰকাশ পোৱা এই গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীয়ে ৷

গ্ৰন্থখন উন্মোচনৰ আগে আগে “ৰামধুন” পৰিৱেশন কৰে বিশিষ্ট সংগীত শিল্পী অৰূপ কুমাৰ বৰুৱা আৰু তেওঁৰ সহযোগী শিল্পীয়ে । গ্ৰন্থখন উন্মোচন কৰি প্ৰাক্তন ন্যায়াধীশজনে জীৱনৰ বিয়লি বেলাত প্ৰয়াত বৰঠাকুৰে নিৰলস সাধনাৰে ৰচনা কৰা গ্ৰন্থখনৰ শলাগ জনাই গ্ৰন্থখনে মহাত্মা গান্ধীৰ জীৱনবোধ পাঠকৰ আগত ন কৈ উন্মোচন কৰিব বুলি আশা প্ৰকাশ কৰে ৷

এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বিশিষ্ট সমালোচক “ দৈনিক অসম” কাকতৰ প্ৰাক্তন কাৰ্যবাহী সম্পাদক মুনীন বায়নে “গান্ধী ভাৱনা : তেতিয়া আৰু এতিয়া” শীৰ্ষক এক চিন্তাকৰ্ষক ভাষণ প্ৰদান কৰে ৷ ভাষণত বায়নে কয় “ তেওঁ যে এগৰাকী হিন্দু, সেই পৰিচয়ক লৈ গান্ধীৰ কোনো দ্বিধাগ্রস্ততা নাছিল। ১৯০৯ চনৰ ৰচিত ‘হিন্দ স্বৰাজ’ত তেওঁ ভাৰতীয় সভ্যতাৰ কথা কওঁতে হিন্দু ঐতিহ্যৰ কথা প্রায়ে উল্লেখ কৰিছিল। কিন্তু ‘হিন্দ স্বৰাজ’ৰ আন বহু বক্তব্যৰ দৰে হিন্দু ধর্ম সম্পৰ্কীয় গান্ধীৰ ধ্যান-ধাৰণাও সময় আৰু অভিজ্ঞতাৰ লগে লগে সলনি অথবা বিবর্ধিত হৈছে। তেওঁ সকলো ধৰ্মৰ মৌল প্ৰমূল্যৰ মাজত সাদৃশ্য বিচাৰি পাইছিল। তেনে প্রমূল্যবোৰৰ সমন্বয়ৰ জৰিয়তে মানুহৰ মাজত সম্ভাৱ আৰু শান্তি প্রতিষ্ঠাৰ লগতে ভৱিষ্যতে এখন উন্নত ভাৰতীয় সমাজ ৰচনা কৰিব পাৰি বুলি পতিয়ন গৈছিল। সেয়ে বৃটিছ নৃতত্ত্ববিদ ভেৰিয়াৰ এলৱিন আদিকে ধৰি কিছুমান বিদেশী গুণমুগ্ধই হিন্দু ধর্মত দীক্ষিত হোৱাৰ ইচ্ছা প্রকাশ কৰিলেও গান্ধীয়ে তেওঁলোকক ধর্মান্তৰৰ কাৰণে উৎসাহিত কৰা নাছিল। গান্ধীৰ মতে সততাপূর্ণ ধৰ্মাচৰণৰ জৰিয়তে এজন নৈষ্ঠিক খৃষ্টধর্মী লোকো হিন্দু ধর্মীয় ঐতিহ্যত জীন যাব পাৰে।”

কিশোৰ কুমাৰ কলিতাই আঁত ধৰা এই অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই ব্ৰহ্মপুত্ৰ বুকছ এণ্ড পাব্লিকেছনৰ স্বত্বাধিকাৰী সুব্ৰত তালুকদাৰে ।