সংস্কৃতিয়ে পৰিধি নামানে সেয়ে হয়তো ভৌগোলিক ভাবে অসমৰ পৰা বিছিন্ন হোৱাৰ পিছতো সাংস্কৃতিকভাৱে বিছিন্ন হ’ব পৰা নাই মেঘালয়ত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোকসকলে। বিহু বুলি ক’লেই একপ্ৰকাৰ বলিয়া মেঘালয়ত বসবাস ৰাভা জনগোষ্ঠীৰ লোক সকল।
অসমৰ দৰে মেঘালয়তো চলিছে এতিয়া ৰঙালীৰ উচাহ৷। উত্তৰ গাৰো পাহাৰ জিলাৰ মানিকগঞত পৰম্পৰা ৰক্ষা কৰি পালন কৰি আহিছে হেঁপাহৰ ৰঙালী বিহু।
অকল ৰঙালীয়ে নহয় পৰম্পৰা এৰিব পৰা নাই বাবে মেঘালয়ত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোক সকলে অসমৰ প্ৰতিটো উৎসৱ অতি ধুমধামেৰে পালন কৰে৷ ৰঙালী,ভোগালী কিম্বা কঙালী সকলো উৎসৱে বৰ আন্তৰিকতাৰে পালন পৰে মেঘালয়ৰ ৰাভা জনগোষ্ঠীৰ লোক সকলে ৷
এই বেলিও ৰঙালী বুলি সাজি কাচি ওলাই আহিছে ৰাজ্যখনৰ উত্তৰ গাৰোপাহাৰ জিলাৰ মানিকগঞত বসবাস কৰা ৰাভা যুৱক-যৱতী সকল।
কেবল মানিকগঞতে নহয় মেঘালয়ৰ ৰোম,দাৰাম থাপা আদিত পালন কৰা হয় অসমৰ প্ৰতিটো উৎসৱ৷ ৷
সকলোৱে এতিয়া বিহুৰ আখৰাত ব্যস্ত। বিহু বুলি গাত তৰণি নাই মানিকগঞৰ বিহুৱতী দুলুমণি,তৃষাৰানী,সাগৰিকা,সুকন্যা,সুমোলা আৰু পল্লবীহঁতৰ।
বিহুবুলি ওলাই আহিছে মহিলা সকলো ৷ মুঠতে বিহু বুলি আনন্দ-উচাহৰে ভৰি পৰিছে উত্তৰ গাৰোপাহাৰ৷
মানিকগঞ বজাৰৰ কাষত থকা আঁহতৰ তলত নিতৌ চলিছে বিহুৰ আখৰা।
উত্তৰ গাৰো পাহাৰ জিলাৰ মানিকগঞৰ উপৰিও জংলা ,ৰোম,দাৰাম, থাপাত ঢোল-পেঁপাৰ শব্দই ৰজনজনাই আছে। ৰাজ্য খনত বসবাস কৰা ৰাভা জনগোষ্ঠীৰ লোক সকলে ৰঙালীকলৈ আনন্দত মতলীয়া হৈ পৰিছে ৷