NORTHEAST NOW (Assamese)

নাৰায়ণপুৰত ভয়ংকৰ দুৰ্ঘটনা : নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল বৰযাত্ৰীৰ বাছ

March 6, 2025 1:22 pm · এন ই নাও নিউজ, গুৱাহাটী

লখিমপুৰ জিলাৰ নাৰায়ণপুৰত সংঘটিত হৈছে এক ভয়ানক পথ দুৰ্ঘটনা।

নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰিল এখন বিবাহযাত্ৰী ভৰ্তি বাছ।

জানিব পৰা মতে, প্ৰায় ৩৭ গৰাকী বৰযাত্ৰী এই দুৰ্ঘটনাটোত আহত হৈছে।

আহতসকলৰ স্থানীয় ৰাইজৰ সহযোগত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে।

মেঘালয়ৰ তুৰাৰ পৰা কইনা লৈ চিলাপথাৰৰ দৰাঘৰলৈ আহি আছিল বাছখন।

ইফালে এই দুৰ্ঘটনাৰ বাবে বিয়াখনৰ ৰীতি-নীতি বাতিল কৰা হৈছে বুলি জানিব পৰা গৈছে।

Related News