আইআইটিত ছাত্ৰৰ মৃত্যুৰ বাবে আদালতে আইআইটি খড়গপুৰৰ সঞ্চালকক ভৰ্ৎসনা কৰিছে। সঞ্চালক ভি কে তিৱাৰীৰ ওপৰত ক্ষুব্ধ হৈ পৰিছে ন্যায়াধীশ ৰাজশেখৰ মান্থা। ক্ষুব্ধ ন্যায়াধীশ গৰাকীয়ে প্ৰশ্ন কৰে, “সঞ্চালকে আদালতৰ ভাষা বুজি নাপায় নেকি? আপোনাৰ পুত্ৰৰ সৈতে হ’লে কি কৰিলেহেঁতেন?”
উল্লেখ্য যে বিশেষ প্ৰয়োজনত বিদেশলৈ যোৱাৰ বাবে আদালতত আজি হাজিৰ হোৱা নাছিল সঞ্চালক ভি কে তিৱাৰী। সঞ্চালকৰ সলনি অধিবক্তা অনিন্দ্য মিত্ৰ উপস্থিত হৈছিল। তাতেই ক্ষুব্ধ হৈ পৰে ন্যায়াধীশ মান্থা। তেওঁ পোনপটীয়াকৈ জানিব বিচাৰে, ‘তেওঁ বিষয়টোৰ গুৰুত্ব বুজি পোৱা নাই নেকি?’
আদালতে বাৰে বাৰে জানিবলৈ বিচাৰিছে যে আইআইটি খড়গপুৰৰ ছাত্ৰ ফাইজান আহমেদৰ অস্বাভাৱিক মৃত্যুৰ তদন্তত কি পদক্ষেপ লোৱা হৈছে। ন্যায়ধীশগৰাকীয়ে উত্তৰ নোপোৱাৰ বাবে সঞ্চালকগৰাকীক ব্যক্তিগতভাৱে আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিছিল। কিন্তু আজিও সঞ্চালক উপ স্থিত নহ’ল।
উত্তৰ বিচাৰি ক্ষুব্ধ ন্যায়াধীশ ৰাজশেখৰ মন্থাই জানিব বিচাৰে, “আপুনি কি কৰি আছে? আদালতৰ উত্তৰ দিয়াটো প্ৰয়োজনীয় নে টকিঅ’লৈ যোৱাটো প্ৰয়োজনীয়? এনেকুৱা এটা প্ৰতিষ্ঠানৰ দায়িত্বত থকা সঞ্চালকৰ এনে আচৰণ?”
অধিবক্তাজনে কয় যে প্ৰতিষ্ঠানটোৰ ফালৰ পৰা এখন তথ্য অনুসন্ধান সমিতি গঠন কৰা হৈছে, যি তদন্ত কৰি এক অনুশাসনমূলক প্ৰতিবেদন দিয়ে। তাৰ পিছত আন এখন উচ্চ-পৰ্যায়ৰ তদন্ত সমিতি গঠন কৰা হয়।
ন্যায়াধীশ ৰাজশেখৰ মান্থা এই উত্তৰত সন্তুষ্ট নহ’ল। তেওঁ কয় যে মোকৰ্দমাকাৰীসকল গুৱাহাটীৰ দূৰৱৰ্তী অঞ্চলত বাস কৰে। তেওঁলোকৰ কলকাতালৈ আহিবলৈ টকা নাই। তেওঁলোকে গুৱাহাটীৰ পৰা কলকাতালৈ আহিব পৰা নাই। কিন্তু সঞ্চালকে বিষয়টো কেনেকৈ ইমান সহজভাৱে লৈছে? আপুনি আদালতৰ প্ৰশ্নৰ সঠিক উত্তৰ দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে নেকি? দূৰৱৰ্তী অঞ্চলৰ বহুতো মেধাৱী শিক্ষাৰ্থীয়ে ইয়ালৈ অধ্যয়ন কৰিবলৈ আহে, যদি তেওঁলোকে সুযোগ পায়, ই দেশ আৰু বিশ্বক লাভান্বিত কৰিব। যদি তেওঁলোকক এনেদৰে বাধা দিয়া হয় ই এক ডাঙৰ ক্ষতি হ’ব। ৰেগিং এক জঘন্য কাম। ইয়াৰ ফলত শিক্ষাৰ্থীসকলৰ মাজত মানসিক ৰোগ হ’ব পাৰে। যদি ইয়াক বন্ধ কৰা নহয়, ভৱিষ্যতে এটা ডাঙৰ সমস্যা হ’ব। সকলোৱে জানিব লাগিব যে ৰেগিং কিমান ক্ষতিকাৰক! ন্যায়াধীশে গোচৰটোৰ পৰৱৰ্তী শুনানিৰ তাৰিখ ৬ ফেব্ৰুৱাৰী নিৰ্ধাৰণ কৰে।
উল্লেখ্য যে যোৱা ১৪ অক্টোবৰত অসমৰ তিনিচুকীয়াৰ ফাইজান আহমেদ নামৰ ২৩ বছৰীয়া ছাত্ৰজনৰ মৃতদেহ হোষ্টেলৰ কোঠাৰ পৰা উদ্ধাৰ হৈছিল। ছাত্ৰজনৰ পৰিয়ালে আইআইটি কৰ্তৃপক্ষৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি আদালতৰ কাষ চাপিছিল।
মৃত ছাত্ৰজনৰ অভিভাৱকৰ হৈ আদালতত উপস্থিত হোৱা অধিবক্তা ৰঞ্জিত চেটাৰ্জীয়ে কৈছিল যে আদালতে আইআইটিৰ সঞ্চালকক আদালতত উপস্থিত থাকিবলৈ নিৰ্দেশ দিছিল। সঞ্চালকে দাখিল কৰা প্ৰতিবেদনত আদালত সন্তুষ্ট নহয়। সেইকাৰণে সঞ্চালকজনক পৰৱৰ্তী শুনানিৰ বাবে মাতি পঠোৱা হৈছিল।