NORTHEAST NOW (Assamese)

ছেবাৰ প্ৰশ্নকাকত ফাদিল প্ৰসংগ! অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব বাতিল কৰা অসমীয়া বিষয়ৰ পৰীক্ষা

March 17, 2023 11:40 am · এন ই নাও নিউজ, গুৱাহাটী
ফাইল ফটো।

অসম মাধ্যমিক শিক্ষা পৰিষদৰ (ছেবা) বাতিল হোৱা অসমীয়া বিষয়ৰ পৰীক্ষা অহা ১ এপ্ৰিলত অনুষ্ঠিত হ’ব।

বৃহস্পতিবাৰে প্ৰশ্ন কাকত ফাদিল হোৱাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত মাতৃভাষা বিষয়ৰ সকলো পৰীক্ষা বাতিল কৰা হৈছিল। ১৮ মাৰ্চত এই বিষয়ৰ পৰীক্ষা অনুষ্ঠিত হোৱা কথা আছিল।

এক জাননী যোগে ছেবাৰ পৰীক্ষা নিয়ন্ত্ৰকে সদৰী কৰা মতে অহা ১ এপ্ৰিল, ২০২৩ৰ পুৱা ৯ বজাৰ পৰা অসমীয়া তথা আন মাতৃভাষা বিষয়ক পৰীক্ষা অনুষ্ঠিত হ’ব।

উল্লেখ্য যে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিতৰ্ক তুংগত থকাৰ সময়তে বৃহস্পতিবাৰে অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিলৰো তথ্য পোৱা গৈছিল। সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ পিছতে ৰাজ্যজুৰি সৃষ্টি হোৱা তীব্ৰ প্ৰতিক্ৰিয়াৰ মাজতে আহিছিল এই খৱৰ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এক টুইট যোগে সদৰী কৰিছিল এই তথ্য। মুখ্যমন্ত্ৰী শৰ্মাৰ টুইট অনুসৰি সাধাৰণ বিজ্ঞানৰ প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা লোহিত খাবালু উচ্চতৰ মাধ্যমিক বিদ্যালয় কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়াই জেৰাৰ সময়ত অসমীয়া বিষয়ৰ প্ৰশ্নকাকত ফাদিল হোৱা বুলি স্বীকাৰ কৰিছিল

টুইটটোত লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছেবাক ১৮ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া অসমীয়া বিষয়ৰ পৰীক্ষা বাতিল কৰি বিষয়টোৰ পৰীক্ষাৰ তাৰিখ পুনৰ নিৰ্ধাৰণৰ পৰামৰ্শ আগবঢ়াইছিল

Related News