Coronavirus India: দেশত নিম্নগামী কৰ’না গ্ৰাফ; বিগত ২০৯দিনৰ ভিতৰত সৰ্বনিম্ন দৈনিক সংক্ৰমণ

Doctors-on-Covid-duty-750x375-1

Coronavirus India: উৎসৱৰ বতৰ আৰম্ভ হোৱাৰ সময়তে দেশত কৰ’নাৰ দৈনিক সংক্ৰমণ নিম্নগামী হোৱাৰ লগতে বিগত ২০৯ দিনৰ ভিতৰত দৈনিক সংক্ৰমণ সৰ্বনিম্ন দেখা গৈছে।

মঙলবাৰে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা ২৪ ঘণ্টাত দেশত নতুনকৈ ক’ৰ’নাত আক্ৰান্ত হৈছে ১৮হাজাৰ ৩৪৬ জন লোক।

আনহাতে, যোৱা ২৪ ঘণ্টাত দেশত ২৬৩ জন কৰ’না আক্ৰান্ত লোকৰ মৃত্যু হৈছে।

সেইদৰে, দেশত এতিয়ালৈকে মুঠ কৰ’নাত মৃত্যুৰ সংখ্যা হৈছে ৪লাখ ৪৯হাজাৰ ২৬০জন।

দেশত যোৱা ২৪ ঘন্টাত সুস্থ হৈ ঘৰলৈ ওভতা ৰোগীৰ সংখ্যা হৈছে ২৯হাজাৰ ৬৩৯জন। সুস্থতাৰ হাৰ হৈছে ৯৭.৯৩শতাংশ।

স্বাস্থ্য মন্ত্ৰ্যালয়ৰ তথ্য অনুসৰি দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ২লাখ ৫২হাজাৰ ৯০২জন।

আনহাতে, দেশত এতিয়ালৈকে ৯১কোটি ৫৪ লাখ লোকক কৰ’নাৰ ভেকচিন প্ৰদান কৰা হৈছে।

সেইদৰে দেশত ৫৭কোটি ৫৩ লাখ লোকৰ কৰ’না পৰীক্ষা সম্পন্ন কৰা হৈছে।

আনহাতে, কেৰেলাত কৰ’নাৰ সংক্ৰমণ হ্ৰাস পাইছে। বিগত ২৪ ঘন্টাত ৰাজ্যখনত আক্ৰান্ত হৈছে ৮,৮৫০জন লোক। সেইদৰে মৃত্যু হৈছে ১৪৯জনৰ।

ইপিনে, দেশত কৰ’না পৰিস্থিতিক কোনো কাৰণতে সহজভাৱে নল’বলৈ বিশেষজ্ঞসকলে আহ্বান জনাইছে।