জোনমণি ৰাভাৰ মৃত্যুৰ তদন্তৰ নতুন মোৰ : ৬ আৰক্ষী বিষয়াৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ চিবিআইৰ

অসম আৰক্ষীৰ উপ পৰিদৰ্শক জোনমণি ৰাভাৰ মৃত্যুৰ এবছৰ পাৰ হৈ যোৱাৰ পিছত নতুন মোৰ লৈছে তদন্তই। জোনমণি ৰাভাৰ মৃত্যুৰ পিছত উত্থাপন হৈছিল বহু অভিযোগ। তাৰপিছতে জোনমণি ৰাভাৰ মৃত্যু, নকল টকা, ড্ৰাগছ আৰু আন বহু কেইটা বিষয়ৰ তদন্তৰ দায়িত্ব অৰ্পণ কৰা হৈছিল চিবিআইক।

তদন্তৰ অন্তত দুৰ্ঘটনাতে মৃত্যু হোৱা বুলি ঘোষণা কৰিছিল চিবিআইয়ে। ইয়াৰ উপৰিও আৰক্ষী অধীক্ষক লীনা দলেকে ধৰি আন বহু কেইগৰাকী বিষয়াক চমন জাৰি কৰি সোধ-পোছ কৰিছিল।

ইয়াৰ পিছত আজি আকৌ নতুন মোৰ লৈছে এই ঘটনাৰ তদন্তই। অসম আৰক্ষীলৈ বিভাগীয় তদন্তৰ নিৰ্দেশ দিছে চিবিআইয়ে। মুঠ ৬ গৰাকী আৰক্ষী বিষয়া ৰু কৰ্মচাৰীৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ দিছে চিবিআইয়ে।

আটাইকেইজনৰ বিৰুদ্ধে কৰ্তব্যত গাফিলতি, প্রমাণ নষ্ট কৰাৰ অভিযোগ উত্থাপন কৰিছে চিবিআইয়ে।

তদন্ত ঘোষণা কৰা আৰক্ষী সকলৰ তালিকাত আছে জখলাবন্ধা থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পবন কলিতা, হয়বৰগাঁও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আভাজ্যোতি ৰাভা, জখলাবন্ধা থানাৰ উপ পৰিদৰ্শক জাকাৰিয়া চৌধুৰী, মৰিকলঙ থানাৰ উপ পৰিদৰ্শক মনোজ বৰুৱা, নগাঁৱৰ ট্ৰেফিক উপ পৰিদৰ্শক উৎপল বৈশ্য, কনিষ্টবল ৰেব বনিয়া, আৰু কনিষ্টবল মজিবুৰ ৰহমান।

চিবিআইয়ে দিয়া এই নিৰ্দেশৰ পিছতেই হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে অসম আৰক্ষীৰ ভিতৰচ’ৰাত।