বোকাখাতৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ বৰজুৰিত ২০০২ চনৰ ২৮ আগষ্টত স্থাপন হোৱা দেশৰ ভিতৰতে অন্যতম বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই আজি কেন্দ্ৰটোৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ আজিৰ পৰা ২০ বছৰৰ আগৰ আজিৰ দিনটোতে উত্তৰ পূৱ ভাৰতৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লক্ষ্যৰেই এই কেন্দ্ৰটো স্থাপন কৰা হৈছিল ৷
বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া উপ সঞ্চালক ড৹ ৰথীন বৰ্মন, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অৱসৰ প্ৰাপ্ত উপ বন সংৰক্ষক খৰ্গ সিং ডেকাৰজা আৰু কাজিৰঙাৰ উচ্চ পদস্থ বন বিষয়াৰ লগতে কেন্দ্ৰৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷ অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে কেক কাটি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে ৷
উল্লেখ্য যে ২০০২ প্ৰতিষ্ঠা হোৱা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ নামৰ এই কেন্দ্ৰটো অসম চৰকাৰৰ বন বিভাগ, দেশৰ আগশাৰীৰ সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু আন্ত:ৰাষ্ট্ৰীয় সংগঠন ইন্টাৰনেচনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰৰ দ্বাৰা পৰিচালিত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক জন এই কেন্দ্ৰৰো সঞ্চালক ৷ সম্প্ৰতি জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলী কেন্দ্ৰ পৰিচালক হিচাবে, ডাঃ কিশোৰ বৰুৱা সহকাৰী পশুচিকিৎসক হিচাবে আৰু ১০ জন পশু পালক এই কেন্দ্ৰত কৰ্মৰত ৷
প্ৰতিষ্ঠা কালৰে পৰা কেন্দ্ৰটোয়ে ৭৩৯৭ টা বন্যপ্ৰাণীক দুৰ্গত পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি কেন্দ্ৰত চিকিৎসা প্ৰদান কৰিছে আৰু ইয়াৰে ৪৪৯০ টা বন্যপ্ৰাণীক চিকিৎসাৰ পিচত পুনৰ বনাঞ্চলত মুকলি কৰি দিবলৈ সক্ষম হৈছে ৷ বন্যপ্ৰাণী পুনৰ সংস্থাপনৰ ক্ষেত্ৰত এইয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক হিচাবে স্বীকৃত হৈছে ৷
২০০৬ চনত ৰাইন’ ভিচন ২০২০ আঁচনিৰ অধীনত কেন্দ্ৰটোৰ পৰা প্ৰথমটো গঁড় পোৱালী মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ সংস্থাপনৰ বাবে প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পিচতে পৰ্যায় ক্ৰমে মুঠ ২১ টা গঁড় কেন্দ্ৰৰ পৰা মানাহলৈ পুনৰ সংস্থাপনৰ বাবে প্ৰেৰণ কৰা হয় ৷ মানাহত পুনৰ সংস্থাপন কৰা এই গঁড়ে ইতিমধ্যেই মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১১ টা পোৱালী জন্ম দিয়া বুলি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই জানিবলৈ দিছে৷
একে দৰে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি আনি কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলা ২৯ টা হাতী পোৱালীকো বিগত সময় চোৱাত কেন্দ্ৰটোৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে ৷ এই ২৯ টা হাতী পোৱালীৰ ১১ টা হাতীক ইতিমধ্যেই মানাহৰ বনাঞ্চলত সফলতাৰে মুকলি কৰি দিয়া হৈছে ৷
বৰজুৰিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই আজি ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা সময়ত কেন্দ্ৰটোত পাঁচটা নাহৰফুটুকী বাঘ, এটা ম’হ, ১ টা হাতী পোৱালী, দুটা গঁড়ৰ পোৱালী, এটা সোনালী বান্দৰ, এটা ধনেশ চৰাই আৰু এটা লাজুকী বান্দৰ চিকিৎসাধীন অৱস্থাত পশুচিকিৎসকৰ নিৰীক্ষণত আছে।