• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কাজিৰঙাৰ ৰাষ্ট্ৰীয় উদ্যানৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰৰ প্ৰতিষ্ঠা দিৱস উদযাপন

উত্তম শইকীয়া, বোকাখাত by উত্তম শইকীয়া, বোকাখাত
August 28, 2022 4:41 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বোকাখাতৰ পানবাৰী সংৰক্ষিত বনাঞ্চলৰ সমীপৰ বৰজুৰিত ২০০২ চনৰ ২৮ আগষ্টত স্থাপন হোৱা দেশৰ ভিতৰতে অন্যতম বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই আজি কেন্দ্ৰটোৰ ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন কৰে৷ আজিৰ পৰা ২০ বছৰৰ আগৰ আজিৰ দিনটোতে উত্তৰ পূৱ ভাৰতৰ বন্যপ্ৰাণী উদ্ধাৰ আৰু পুনৰ সংস্থাপনৰ লক্ষ্যৰেই এই কেন্দ্ৰটো স্থাপন কৰা হৈছিল ৷

বোকাখাতৰ বৰজুৰিত থকা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰত ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ এই অনুষ্ঠানত পূৱ অসম বন্যপ্ৰাণী সংমণ্ডলৰ ডি এফ অ’ ৰমেশ কুমাৰ গগৈ, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া উপ সঞ্চালক ড৹ ৰথীন বৰ্মন, কাজিৰঙাৰ গৱেষণা বিষয়া ৰবীন্দ্ৰ শৰ্মা, অৱসৰ প্ৰাপ্ত উপ বন সংৰক্ষক খৰ্গ সিং ডেকাৰজা আৰু কাজিৰঙাৰ উচ্চ পদস্থ বন বিষয়াৰ লগতে কেন্দ্ৰৰ সকলো বিষয়া-কৰ্মচাৰী উপস্থিত থাকে ৷ অনুষ্ঠানত ডি এফ অ’ ৰমেশ কুমাৰ গগৈয়ে কেক কাটি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে ৷

উল্লেখ্য যে ২০০২ প্ৰতিষ্ঠা হোৱা বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ নামৰ এই কেন্দ্ৰটো অসম চৰকাৰৰ বন বিভাগ, দেশৰ আগশাৰীৰ সংগঠন ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া আৰু আন্ত:ৰাষ্ট্ৰীয় সংগঠন ইন্টাৰনেচনেল ফাণ্ড ফৰ এনিমেল ৱেলফেয়াৰৰ দ্বাৰা পৰিচালিত ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালক জন এই কেন্দ্ৰৰো সঞ্চালক ৷ সম্প্ৰতি জেষ্ঠ পশু চিকিৎসক ডা৹ চামচুল আলী কেন্দ্ৰ পৰিচালক হিচাবে, ডাঃ কিশোৰ বৰুৱা সহকাৰী পশুচিকিৎসক হিচাবে আৰু ১০ জন পশু পালক এই কেন্দ্ৰত কৰ্মৰত ৷

Apply Now

প্ৰতিষ্ঠা কালৰে পৰা কেন্দ্ৰটোয়ে ৭৩৯৭ টা বন্যপ্ৰাণীক দুৰ্গত পৰিস্থিতিৰ পৰা উদ্ধাৰ কৰি কেন্দ্ৰত চিকিৎসা প্ৰদান কৰিছে আৰু ইয়াৰে  ৪৪৯০ টা বন্যপ্ৰাণীক চিকিৎসাৰ পিচত পুনৰ বনাঞ্চলত মুকলি কৰি দিবলৈ সক্ষম হৈছে ৷ বন্যপ্ৰাণী পুনৰ সংস্থাপনৰ ক্ষেত্ৰত এইয়া বিশ্বৰ ভিতৰতে সৰ্বাধিক হিচাবে স্বীকৃত হৈছে ৷

২০০৬ চনত ৰাইন’ ভিচন ২০২০ আঁচনিৰ অধীনত কেন্দ্ৰটোৰ পৰা প্ৰথমটো গঁড় পোৱালী মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ পুনৰ সংস্থাপনৰ বাবে প্ৰেৰণ কৰা হয় ৷ ইয়াৰ পিচতে পৰ্যায় ক্ৰমে মুঠ ২১ টা গঁড় কেন্দ্ৰৰ পৰা মানাহলৈ পুনৰ সংস্থাপনৰ বাবে প্ৰেৰণ কৰা হয় ৷ মানাহত পুনৰ সংস্থাপন কৰা এই গঁড়ে ইতিমধ্যেই মানাহ ৰাষ্ট্ৰীয় উদ্যানত ১১ টা পোৱালী জন্ম দিয়া বুলি বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই জানিবলৈ দিছে৷

একে দৰে বিভিন্ন স্থানৰ পৰা উদ্ধাৰ কৰি আনি কেন্দ্ৰটোত চিকিৎসা প্ৰদান কৰি সুস্থ কৰি তোলা ২৯ টা হাতী পোৱালীকো বিগত সময় চোৱাত কেন্দ্ৰটোৰ পৰা মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ প্ৰেৰণ কৰা হৈছে ৷ এই ২৯ টা হাতী পোৱালীৰ ১১ টা হাতীক ইতিমধ্যেই মানাহৰ বনাঞ্চলত সফলতাৰে মুকলি কৰি দিয়া হৈছে ৷

বৰজুৰিৰ বন্যপ্ৰাণী পুনৰ সংস্থাপন আৰু সংৰক্ষণ কেন্দ্ৰই আজি ২০ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা সময়ত কেন্দ্ৰটোত পাঁচটা নাহৰফুটুকী বাঘ, এটা ম’হ, ১ টা হাতী পোৱালী, দুটা গঁড়ৰ পোৱালী, এটা সোনালী বান্দৰ, এটা ধনেশ চৰাই আৰু এটা লাজুকী বান্দৰ চিকিৎসাধীন অৱস্থাত পশুচিকিৎসকৰ নিৰীক্ষণত আছে।

উত্তম শইকীয়া, বোকাখাত

উত্তম শইকীয়া, বোকাখাত

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

গুৱাহাটীৰ হত্যাকাণ্ডৰ অভিযুক্ত ৰামানু্জ গোস্বামীৰ দেহত গুলীৰ কোনো আঘাত নাই: জিএমচিএইচৰ অধীক্ষকৰ স্পষ্টীকৰণ

September 14, 2026 4:04 pm
প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

প্ৰযুক্তিৰ ক্ষেত্ৰত কেন্দ্ৰৰ ডাঙৰ পদক্ষেপ: নিৰ্মাণ কৰিব ‘ছ’ভাৰেইন ক্লাউড’ ব্যৱস্থা

September 14, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

স্ত্ৰী-তিনি কন্যাক হত্যা কৰি মন্দিৰত প্ৰাৰ্থনা, হোটেল সলাই সলাই পলাইছিল অভিযুক্ত স্বামী : অৱশেষত ইশ্বৰেও ৰক্ষা কৰিব নোৱাৰিলে হত্যাকাৰীক

September 14, 2026 5:40 pm
বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

বজাৰত জুই, দেশত নিয়ন্ত্ৰণহীন খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধি:  ৪.৮২ শতাংশলৈ বৃদ্ধি পালে খুচুৰা মুদ্ৰাস্ফীতিৰ হাৰ

September 14, 2026 5:08 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd