NORTHEAST NOW (Assamese)

‘অসম সাহিত্য সভা বিশ্বৰ সাহিত্যানুষ্ঠানৰ বাবে আদর্শ’: জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা ড° প্রতিভা দেৱী ৰয়

April 12, 2022 8:55 am · এন ই নাও নিউজ, গুৱাহাটী

ভাৰতীয় জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা তথা জ্ঞানপীঠ বঁটাপ্রাপক,পদ্মভূষণ ড° প্রতিভা দেৱী ৰয় সোমবাৰে সন্ধিয়া অসম সাহিত্য সভাৰ গুৱাহাটী কাৰ্যালয়ত উপস্থিত হৈ সভাৰ সভাপতিসহ কৰ্মকৰ্তা সকলৰ লগত মত-বিনিময় কৰে ।

সভাৰ সভাপতি ড° কুলধৰ শ‍ইকীয়াৰ আমন্ত্ৰণক্ৰমে ড° প্রতিভা দেৱী ৰয়ে এক আনুষ্ঠানিক সভাতো অংশগ্ৰহণ কৰে। অনুষ্ঠানত ড° ৰয়ে তেওঁৰেই নিজৰ উড়িয়া গ্ৰন্থ ‘সমুদ্ৰৰ স্বৰ’ অসম সাহিত্য সভাৰ অনুবাদ প্ৰকল্পৰ উদ্যোগত কবিতা দত্ত গোস্বামীয়ে অসমীয়ালৈ অনুবাদ কৰা গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰে।

লগতে পঢ়ক: ৰবীন্দ্র ভৱনত কাব্যঋষি নীলমণি ফুকনক জ্ঞানপীঠ বঁটা প্ৰদান

ড° ৰয়ে ভাষণত কয় যে অসম সাহিত্য সভাৰ দৰে অনুষ্ঠান সমগ্ৰ বিশ্বৰ সাহিত্য অনুষ্ঠানৰ বাবে আদর্শ।

অসমীয়াকে ধৰি সকলো খিলঞ্জীয়া ভাষা সাহিত্যৰ উত্তৰণৰ বাবে সদায়েই কাম কৰি থকা সাহিত্য সভাৰ দৰে এটা অনুষ্ঠানে তেওঁৰ গ্ৰন্থখন অসমীয়া ভাষালৈ অনুবাদ কৰি প্ৰকাশ কৰাটো অত্যন্ত গৌৰৱৰ বিষয় বুলিও কয়।

অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই কয় যে জ্ঞানপীঠ নির্বাচন সমিতিৰ অধ্যক্ষা হিচাপেই নহয় দেশৰ আগশাৰীৰ লেখিকা হিচাপে ড° প্রতিভা দেৱী ৰয়ৰ সাহিত্য সভাৰ মজিয়াত পদার্পণ কৰাটোৱেই আমাৰ বাবে গৌৰৱৰ কথা।

লগতে পঢ়ক: ‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ’-জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি আৰু কি ক’লে কবি নীলমনি ফুকনে? চাওক, কাব্যঋষিৰ ভাষণৰ সম্পূৰ্ণ পাঠ

অনুষ্ঠানত জ্ঞানপীঠ বঁটাৰ তত্ত্বাৱধায়ক দেৱব্ৰত গোস্বামী, অনুবাদিকা কবিতা দত্ত গোস্বামী , বিপুল দেউৰী, নিলীম কুমাৰ, ড০ সঞ্জীৱ কুমাৰ শৰ্মা, অবনী মোহন চহৰীয়া, থানেশ্বৰ মালাকৰ, চম্পক বৰবৰা, মানিক আহমেদ, দেৱজিৎ বৰা, নুৰুল চুলতান প্ৰমুখ্যে কেবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Related News