NORTHEAST NOW (Assamese)

পাঞ্জাৱত ১৬টা বালিৰ খনি সাধাৰণ ৰাইজৰ বাবে উৎসৰ্গা কৰিলে মুখ্যমন্ত্ৰীয়ে

February 5, 2023 5:44 pm · এন ই নাও নিউজ, গুৱাহাটী

পঞ্জাৱৰ মুখ্যমন্ত্রী ভগৱন্ত মান্নে দেওবাৰে সংবাদমেল যোগে পাঞ্জাৱৰ ১৬ টা বালিৰ খনি সাধাৰণ ৰাইজৰ বাবে মুকলি কৰি দিয়াৰ কথা ঘোষণা কৰে। এতিয়াৰে পৰা এই কেইটা বালিৰ খনি সম্পূৰ্ণভাবে পাঞ্জাৱৰ সাধাৰণ ৰাইজৰ।

মান্নে জনোৱা মতে এই খনি কেইটাৰ বালি সাধাৰণ ৰাইজে একেবাৰেই সুলভ মূল্য ক্ৰয় কৰিব পাৰিব। এই খনি সমূহৰ বালি সাধাৰণ ৰাইজৰ বাবে প্ৰতি ঘনফুটত ৫.৫০ টকাৰ হাৰত উপলব্ধ হ’ব। পাঞ্জাৱৰ মুঠ সাতখন জিলাত বিস্তৃত হৈ আছে এই ১৬টা ৰাজহুৱা বালিৰ খনি।

উল্লেখ্য যে এই খনসমূ্হৰ পৰা বালি কেৱল অবাণিজ্যিক কামৰ বাবেহে নিব পাৰিব। বালি খনি সমূহত বালি খান্দিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব কোনোধৰণৰ যান্ত্ৰিক পদ্ধতি। কোৰ আৰু বেলচাৰ সহায়ত হে এই বালি সংগ্ৰহ কৰিব পাৰিব।

প্ৰত্যেক দিনাই এই বালি খননৰ স্থানত এজন চৰকাৰী বিষয়া থাকি বালি খনন নীৰিক্ষণ কৰি থাকিব। কোনো ঠিকাদাৰক এই বালি খননৰ বাবে অনুমতি দিয়া নহ’ব। ইয়াৰ ফলত পাঞ্জাৱৰ দৰিদ্ৰ জনসাধাৰণ উপকৃত হ’ব পাৰিব।

মুখ্যমন্ত্ৰী ভগৱন্তই জানিবলৈ দিয়া মতে অহা মাহৰ পৰা সমগ্ৰ ৰাজ্যতে এনেকুৱা আৰু পঞ্চাশটা খনি ৰাইজৰ বাবে মুকলি কৰি দিব। ইয়াৰ দ্বাৰা জনসাধাৰণে সুলভ মূল্যতে বালি যোগান লাভ কৰিব। এই বালি খনন প্ৰক্ৰিয়া সম্পূৰ্ণ স্বচ্ছতাৰে হ’ব আৰু প্ৰত্যেকটো বালিৰ খনিতে চিচি টিভি কেমেৰা সংযোগ থাকিব। ২৪ ঘন্টা চিচি টিভিৰ জৰিয়তে নীৰিক্ষণ কৰি থকা হ’ব বালিৰ খনি সমূহ।

দেওবাৰে সংবাদমেলত এই খনি সমূহ সাধাৰণ ৰাইজলৈ উৎসৰ্গা কৰাৰ লগতে মান্নে কয় যে তেওঁ দায়িত্ব লোৱাৰ দহ মাহৰ ভিতৰতে ৰাজ্য চৰকাৰে পৰিবহন মাফিয়াক নাইকিয়া কৰি পেলাইছে। ২০২২ চনৰ জুলাই মাহৰ পৰা ৰাজ্যৰ ৮৭ শতাংশ পৰিয়ালক বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হৈছে। ৰাজ্যৰ যুৱকযুৱতীসকলক এই পৰ্যন্ত ২৬ হাজাৰৰো অধিক চৰকাৰী চাকৰিত নিযুক্তি দিয়া হৈছে আৰু সোনকালেই আৰু অধিক চাকৰি মুকলি কৰি দিয়া হ’ব।

Related News