• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

উচ্ছেদৰ নামত নাটক; উচ্ছেদিতক মাটি-লাখ-কোটিৰ ঘৰত বিজেপি চৰকাৰে দিয়ে সাহায্য!

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 28, 2024 8:48 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম চৰকাৰে উচ্ছেদিতক পিছত ক্ষতিপূৰণ দিবলৈ বাধ্য হোৱাটো তথ্যভিত্তিক শুদ্ধ কথা আৰু এই কথা মূখ্যমন্ত্রীয়ে নাকচ কৰিব নোৱাৰে। মূখ্যমন্ত্রীৰ অফিচে মুখেৰে এই কথা মিছা কথা বুলি ক‘লেও তথ্যই কিন্তু এই কথা সচাঁ বুলি কয়। এই মন্তব্য নিখিল ভাৰত ছাত্র সন্থা ( আইচা) ৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি সুব্রত তালুকদাৰৰ।

এক বিবৃতিযোগে তালুকদাৰে কয় যে, প্রাথমিকভাবে পুন:সংস্থাপন নকৰাকৈ উচ্ছেদ কৰা কাৰ্যক আমি স্পষ্টৰূপত বিৰোধিতা কৰো। চৰকাৰ আৰু প্রশাসন যন্ত্রই উচ্ছেদৰ সময়ত বিদেশীক উচ্ছেদ কৰা বুলি প্রচাৰ কৰে। কিন্তু আমাৰ প্রশ্নটো হ‘ল যে, যদি বিদেশীকে উচ্ছেদ কৰে অথবা ঘৰ ভাঙি দিয়া হয় তেন্তে পিছত চৰকাৰে আদালতৰ নিৰ্দেশত ক্ষতিপূৰণ দিবলৈ কিয় বাধ্য হয়?  ২০১৭ চনৰ ৬ জুন তাৰিখে তেতিয়াৰ অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিবে এক পত্রযোগে জনাইছিল যে ২০১৫ চনৰ ১৯ চেপ্তেম্বৰ তাৰিখে কাজিৰঙাৰ ওচৰৰ কলিয়াবৰ ৰাজহ চক্রৰ অন্তৰ্গত পালখোৱা আৰু বান্দৰডুবি গাওঁৰ উচ্ছেদিত হোৱা পৰিয়ালসমূহৰ ক্ষতিপূৰণৰ বাবদ ১৪ কোটি ৭১ লাখ ৭২ হাজাৰ ৭২৩ টকা অসম চৰকাৰে বহন কৰিছে। ২০২১ চনৰ ৩১ জানুৱাৰীত দৰং জিলাৰ দলগাঁও ৰাজহ চক্র বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত এক বৈঠকত গৰুখুটীৰ উচ্ছেদিত ২০৫১ টা পৰিয়ালক ২০৫১ বিঘা মাটি দলগাঁও ৰাজহ চক্রৰ অধীনত আবন্টন দিয়াৰ কথা ঘোষণা কৰা হৈছিল। উক্ত বৈঠকত দলগাঁও সমষ্টিৰ বিধায়ক, দৰং জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষক সমন্বিতে কেইবাগৰাকীও অসম চৰকাৰৰ উচ্চ পৰ্যায়ৰ বিষয়া উপস্থিত আছিল। ২০২৪ চনৰ মে মাহৰ ২২ তাৰিখে অসম চৰকাৰে উচ্চ ন্যায়ালয়ত জনাইছিল যে, বটদ্ৰৱাত বুলডোজাৰ চলোৱা ৬ টা পৰিয়ালক ৩০ লাখ টকাকৈ ক্ষতিপূৰণ আগবঢ়োৱা হৈছে। এই তথ্যসমূহ মূখ্যমন্ত্রীৰ অফিচে মিছা বুলি কবলৈ সাহস কৰিবনে?’’

 লগতে তালুকদাৰে কয়, ” বটদ্ৰৱাৰ উচ্ছেদিতক চৰকাৰে প্ৰতি পৰিয়ালক ৩০ লাখ টকাকৈ ক্ষতিপূৰণ দিছিল। কাজিৰঙাৰ উচ্ছেদিতক ক্ষতিপূৰণ দিয়া হৈছিল, ধলপুৰৰ মানুহক মাটি দিয়া হৈছিল। এই ক্ষতিপূৰণবিলাক হিমন্ত বিশ্ব শৰ্মাই ন্যায়ালয়ৰ নিৰ্দেশত নিজ হাতেৰে দিছে। এই যে উচ্ছেদ কৰিলে সুৰক্ষিত ঠাইৰ পৰা বিৰাট ফুৰ্টি লাভ কৰে তাৰ পিছত উচ্ছেদিত মানুহবোৰ কত যায় কিবা জানেনে? কতো নাযায়। অসমতেই থাকে, ভাৰততেই থাকে। আমাৰ কৰৰ টকাৰে তেওঁলোকক পিছত ক্ষতিপূৰণো দিব লগা হয়। লাভ হয় কেৱল হিমন্ত বিশ্ব শৰ্মাৰ। ৰাজনৈতিক লাভ। টকা – পইচা সকলোপিনৰ পৰা বৃহৎ ক্ষতি আমাৰ” শীর্ষক টুইটটোৰ বিপৰীতে মূখ্যমন্ত্রীৰ কাৰ্যালয়ৰ পৰা এই টুইটটো মিছা আৰু ভিত্তিহীন বুলি স্পষ্টীকৰণ দিছিল।”

লগতে তালুকদাৰে কয় যে চৰকাৰী ক্ষতিপূৰণ ভাৰতীয় নাগৰিকেহে লাভ কৰে। আদালতৰ ৰায় আৰু চৰকাৰে ক্ষতি পূৰণ দিবলৈ বাধ্য হোৱা ঘটনাই এইটোৱে প্ৰমাণ কৰে যে উচ্ছেদিত ক্ষতিপূৰণ পোৱাসকল ভাৰতীয় নাগৰিক আৰু তেওঁলোকৰ নাম এন.আৰ.চিত অন্তৰ্ভুক্ত আছে। সম্পূৰ্ণ সাম্প্ৰদায়িক ৰাজনৈতিক উদ্দেশ্যেৰে চৰকাৰে উচ্ছেদবোৰ চলাই আহিছে আৰু এতিয়া আচল মুখাখন খোল খাই পৰাত মিছাৰ আশ্ৰয় লৈছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

প্ৰধানমন্ত্ৰী মোদীৰ ভ্ৰমণৰ পূৰ্বে হাতী কৰিড’ৰত বাঁহৰ বেৰিকেড! ক্ষুব্ধ স্থানীয় ৰাইজৰ প্ৰতিবাদ

September 8, 2025 8:50 pm
কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

কাঠফুলা খুৱাই হত্যা নিজ পৰিয়ালক! তিনিবাৰকৈ যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এৰিন পেটাৰছনক

September 8, 2025 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

নতুন দিল্লীত কংগ্ৰেছত যোগদান অগপৰ নেতা সত্যব্ৰত কলিতা, বিজেপিৰ প্ৰাক্তন বিধায়ক বিনন্দ শইকীয়া আৰু মনছিং ৰংপিৰ

September 8, 2025 9:30 pm
আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

আই চি ইউ পৰাই এন্দুৰে ছিঙি নিলে নৱজাতকৰ আঙুলি : ৩ দিনৰ পিছতহে মৃতদেহ গতালে চিকিৎসালয়ে

September 8, 2025 9:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd