• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

শৰাইঘাটৰ ৰণ শেষ নহ’ল নেকি? পুনৰ মোগলক খেদাৰ আহ্বানেৰে আৱেগৰ ৰাজনীতি সৰ্বানন্দৰ

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰদায়িক হোৱাৰ চেষ্টা কৰিছে নেকি মুখ্যমন্ত্ৰী সোণোৱালে?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
October 10, 2020 2:42 pm
22-Sarbananda-Sonowal

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৬ চনৰ বিজেপিৰ নিৰ্বাচনী ৰণৰ প্ৰধান শ্লোগান আছিল ‘এয়াই শৰাইঘাটৰ শেষ ৰণ।‘ কিন্তু যোৱা চাৰে চাৰিটা বছৰে মোগলৰ বিৰুদ্ধে যুঁজ দিবলৈ বিজেপি চৰকাৰৰ এজনো লাচিত নোলাল বা মোগল তুল্য বিদেশীক খেদিবলৈ কাৰো দেহত বীৰ লাচিতৰ তেজে ক্ৰিয়া কৰিব নোৱাৰিলে!

সেয়েহে ২০২১ৰ নিৰ্বাচনৰ পূৰ্বে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখত পুনৰ ‘মোগল খেদোৱাৰ প্ৰসংগ’। এই প্ৰসংগৰে পুনৰ মুখ্যমন্ত্ৰী সোণোৱালৰ আৱেগ সৃষ্টিৰ ৰাজনীতি কৰাৰ পূৰ্ণ প্ৰয়াস দেখিবলৈ পোৱা গ’ল।

কালি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত এক যোগদান কাৰ্য্যসূচীত ভাষণ প্ৰদান কৰি সোণোৱালৰ দাবী ‘এতিয়াও মোগলৰ আক্ৰমণ অৱ্যাহত আছে।‘

ইপিনে, আৱেগ সৃষ্টিৰ ৰাজনীতি কৰিবলৈ গৈ বিজেপি চৰকাৰৰ মূল প্ৰতিশ্ৰুতি পূৰণৰ বিফলতা তথা প্ৰকৃত সত্য প্ৰকাশ পালে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মুখেৰে।

সৰ্বানন্দ সোণোৱালৰ মতে ‘এতিয়াও অসমৰ ভুমিপুত্ৰসকল সুৰক্ষিত হ’ব পৰা নাই।‘ অৰ্থ্যাৎ বিজেপিৰ শাসন চলি থকাৰ সময়তে অসমৰ ভুমিপুত্ৰসকল সুৰক্ষিত নহয় সেই কথাই সোণোৱালৰ মুখৰে স্পষ্টকৈ প্ৰকাশ পালে।

সোণোৱালে পুনৰবাৰ আৱেগৰ ৰাজনীতি কৰিবলৈ গৈ কৈ পেলালে ‘সেয়েহে আগন্তুক দিনত সকলোৱে মিলি এই বিদেশীৰ বিৰুদ্ধে যুঁজ দিলেহে অসম সুৰক্ষিত হ’ব।বীৰ লাচিত-চিলাৰায়ৰ আদৰ্শৰে আমি ঐক্যবদ্ধ হৈ মোগলৰ বিৰুদ্ধে যুঁজ দিব লাগিব।‘

মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনৰ মজিয়াত দিয়া তথ্য মতে ৭ বছৰত ২০১৩ চনৰ ১৩ মাৰ্চৰ পৰা ২০২০ ৰ ৩১ জুলাই পৰ্য্যন্ত অসমত মুঠ চিনাক্ত হৈছিল প্ৰায় ১,৩৬,০০০ গৰাকী বিদেশী আৰু তাৰে মাত্ৰ ২২৭ গৰাকী বিদেশীহে বহিস্কাৰ হৈছে।

ইয়াৰ পৰাই প্ৰতিপন্ন হৈছে বিদেশী বিতাৰণত বিজেপি চৰকাৰৰ পূৰ্ণ বিফলতাৰ কথা।

ইপিনে, এই বিষয়ক লৈ মুখ্যমন্ত্ৰীলৈ মুকলি চিঠি লিখিছে আঞ্চলিক গণ মৰ্চাৰ নেত্ৰী মীৰা বৰঠাকুৰে।

মীৰা বৰঠাকুৰে সেই চিঠিৰ জৰিয়তে মুখ্যমন্ত্ৰীক কৰা কেইটামান প্ৰশ্ন আমি আগবঢ়াইছো।

মুখ্যমন্ত্ৰীলৈ মীৰাৰ প্ৰশ্ন, ‘যদি এতিয়াও অসমত মোগলৰ শাসন চলিয়ে আছে তেনেহলে আপোনাৰ চৰকাৰে যোৱা পাঁচ বছৰে কি কৰি আছিল ? আপুনি মোগলক খেদিবলৈ ৰাইজৰ সহযোগিতা বিচাৰিছে।

আপুনি নিজেই স্বীকাৰ কৰিছে যে আপুনি ৰাইজৰ অবিহনে মোগল খেদাত প্ৰশাসনিকভাৱে ব্যৰ্থ হৈছে !

যদি মোগলৰ শাসন চলিয়ে আছে তেন্তে মোগলক খেদিবলৈ আপোনাক কোনে বাধা দিছে ?

এতিয়া নিৰ্বাচনী বৈতৰণী পাৰ হ’বলৈ আপুনি হিমন্ত বিশ্ব শৰ্মাক অনুকৰণ কৰি পুণৰ সাম্প্ৰদায়িক মন্তব্য কিয় দিছে ? যদি আপোনাৰ উদ্দেশ্য সৎ আছিল CAA অসমত কিয় বলবৎ কৰিবলৈ ৰঙা দলিচা পাৰি দিলে ?

অসমচুক্তি কিয় নস্যাৎ কৰিলে ?’ মুখ্যমন্ত্ৰীলৈ মুকলি প্ৰশ্ন কৰি এইদৰে কয় মীৰা বৰঠাকুৰে।

উক্ত চিঠিৰ জৰিয়তে বৰঠাকুৰে সোণোৱাললৈ কেইটামান পৰামৰ্শ আগবঢ়াই কয়, ‘আপুনি মন কৰিছেনে, আপুনি হিন্দু বা বিজেপিৰ মুখ্যমন্ত্ৰী নহয়। আপুনি অসমৰ ৩ কোটি জনতাৰ মুখ্যমন্ত্ৰী ! আপোনাৰ এনে উচটনিমুলক সাম্প্ৰদায়িক দায়িত্বহীন মন্তব্যত ৰাজনীতি কোনদিশে গতি কৰিব পাৰে। আপুনি ভৱিষ্যত বুলি এৰি যাবলৈ একো নাথাকিব পাৰে কিন্তু আমি এইখন অসমতে সমিল মিলে আমাৰ ভৱিষ্যত এৰি যাব লাগিব ! অসম খন উত্তৰ প্ৰদেশ , বিহাৰ নবনাব।ইয়াত হিংসাৰ ৰাজনীতিৰ বাতাবৰণ সৃষ্টি নকৰিব। মোগল, বিদেশী সকলো খেদক ৰাইজে আপোনাক সহায় কৰিব । ‘

তেওঁ লগতে চিঠিত উল্লেখ কৰি কয়, ‘আপোনাৰ এই উচটনিমুলক ভাষণৰ বাবে নিৰপেক্ষ প্ৰশাসন থকা হ’লে ময়ে এটা কেচ ৰেজিষ্টাৰ কৰিলো হয় কিন্তু দুৰ্ভাগ্য আমাৰ প্ৰশাসনৰ নিৰপেক্ষ নহয় !’

আনহাতে, সোণোৱালৰ বক্তব্যৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অনুসুচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ সভাপতি ৰুবুল দাসে কয়, ‘অসমীয়া সংস্কৃতি, জনগাঁথনিৰ ওপৰত সাম্প্ৰদায়িক আক্ৰমণ চলিয়েই আছে। বিজেপি চৰকাৰে কেৱল হিন্দুত্ববাদৰে সাম্প্ৰদায়িক ৰাজনীতি কৰি অসমৰ বৰভেটি নষ্ট কৰি দিছে।‘

দাসৰ প্ৰশ্ন ‘সাম্প্ৰতিক সময়ত মোগলে আক্ৰমণ চলাইছে নে বিজেপিয়ে হিন্দুত্ববাদৰে আক্ৰমণ চলাই আছে সেয়া অসমৰ ৰাইজে বুজি পাইছে।‘

‘কোনো ধৰ্মীয় আবেগৰে অসমীয়া জাতিক থানবান কৰা সহজ নহয়। বৃহত্তৰ অসমীয়া জাতি থুনুকা নহয়। ২১ ত বিজেপিক ইয়াৰ প্ৰত্যুত্তৰ অসমীয়া ৰাইজে ভালদৰে দিব।‘ দাসে দাবী কৰি কয়।

ইপিনে, এই সন্দৰ্ভত প্ৰাঞ্জল দেউৰী নামৰ ফেচবুক ব্যৱহাৰকাৰীয়ে নিজৰ ৱালত লিখি কয়, ‘লাচিতে এখন শৰাইঘাটৰ ৰণতে মোগলক খেদিলে। খৰ্বাদাই দীঘলীয়া পাঁচবছৰীয়া ৰণখনতো বোলে এটাও মোগল খেদিবকে নোৱাৰিলে। তেওঁ নিজেই কৈছে মোগলে অসমক আক্ৰমণ কৰিয়ে আছে।‘

‘সেয়ে ৰাইজক এক লগ হৈ আকৌ এখন পাঁচবছৰীয়া ৰণলৈ সাজু হ’বলৈ কৈছে। এতিয়া ৰাইজে নিজে বিচাৰ কৰক। খৰ্বাদাৰ দৰে এজন ব্যৰ্থ, পৰাজিত সেনাপতিৰ নেতৃত্ব আকৌ এবাৰ পাঁচবছৰীয়া শৰাইঘাটৰ ৰণত যুঁজি পৰাজিত হ’ব খোজে নে এজন দৃঢ়, আপোচবিহীন, দক্ষ, সাহসী, সৎ, নিষ্ঠাৱান, দায়ৱদ্ধ সেনাপতিৰ নেতৃত্বত ৰণতখন জয়ী হ’ব বিচাৰে!’ দেউৰীয়ে এইদৰে কয়।

ইপিনে, আন একাংশই ‘মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালো সাম্প্ৰদায়িক হ’বলৈ চেষ্টা কৰিছে নেকি? বুলিও প্ৰশ্ন উত্থাপন কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

নেপালত গঠন হ’ল অন্তৱৰ্তীকালীন চৰকাৰ! প্ৰাক্তন মুখ্য ন্যায়াধীশ সুশীলা কাৰ্কী হ’ব মুখ্য উপদেষ্টা

September 10, 2025 6:16 pm
‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

‘ভাৰতৰ সংবিধানক লৈ আমি গৰ্বিত’- নেপালৰ অশান্তিৰ উদ্ধৃতি দি মুখ্য ন্যায়াধীশ বি আৰ গাভাই

September 10, 2025 5:54 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

কাৰ্ফিউৰ মাজতে নেপালত আবদ্ধ ৪০০ৰো অধিক ভাৰতীয়, উদ্ধাৰৰ বাবে প্ৰেৰণ কৰা হ’ব বিশেষ বিমান

September 10, 2025 9:00 pm
প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

প্ৰসৱৰ পাছৰ সমস্যাত ভুগি থকা মহিলাৰ কাণ্ড, নৱজাতকক ফ্ৰীজত ভৰাই নিদ্ৰাত মাতৃ! অৱশেষত উদ্ধাৰ কেঁচুৱাক

September 10, 2025 8:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd