সমগ্ৰ বিশ্বকে আচৰিত কৰি তুলি বৃহস্পতিবাৰে ভাৰতীয় সময় অনুসৰি পুৱা চাৰে আঠ বজাত এক টেলিভিশ্বন বাৰ্তাৰ জৰিয়তে ইউক্ৰেইনৰ ওপৰত আক্ৰমণৰ কথা ঘোষণা কৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে।
পুটিনে তেওঁৰ বাৰ্তাত ইউক্ৰেইনৰ সেনাক অস্ত্ৰ সম্বৰণ কৰাৰ কথাও কয়। সমান্তৰালভাৱে ইউক্ৰেইনৰ পৰিস্থিতি সন্দৰ্ভত আলোচনা চলিছে ৰাষ্ট্ৰসংঘত।
ইতিমধ্যে যুদ্ধ আৰম্ভ হোৱা এই ঘটনাৰ সৈতে জড়িত কেইটামান দিশৰ ওপৰত এবাৰ আলোকপাত কৰি চোৱা যাওক-
ভাৰতীয় সময় অনুসৰি পুৱা চাৰে আঠ বজাত ইউক্ৰেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে যুদ্ধ ঘোষণা কৰে। পুটিনে ইউক্ৰেইনৰ সেনাক অস্ত্ৰ সম্বৰণ কৰাৰ বাবেও আহ্বান জনায়।
লগতে পঢ়ক: যুদ্ধৰ দাবানল: মাজবাটৰ পৰাই ঘূৰি আহিল ইউক্ৰেন অভিমুখী এয়াৰ ইণ্ডিয়াৰ বিমান
পুটিনে এই যুদ্ধৰ বাবে ৰক্তক্ষয়ী পৰিস্থিতিৰ সৃষ্টি হ’লে তাৰ বাবে ইউক্ৰেইনেই ইয়াৰ দায়িত্ব ল’ব লাগিব বুলিও ঘোষণা কৰে।
ৰাষ্ট্ৰসংঘৰ জৰুৰী অধিৱেশনত ইউক্ৰেইনৰ প্ৰতিনিধিয়ে কয়,’’এতিয়া অস্ত্ৰ সম্বৰণৰ কথা কোৱাৰ সময় উকলি গৈছে। আমাৰ দেশত ৰাছিয়াৰ আক্ৰমণ আৰম্ভ হৈ গৈছে।‘’
ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানে ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনক সেনা বাহিনী প্ৰত্যাহাৰ কৰিবলৈ আহ্বান জনাইছে। জৰুৰী অধিৱেশনত তেওঁ কয়,’’ৰাষ্ট্ৰপতি পুটিন আপোনাক আনুৰোধ জনাওঁ, অনুগ্ৰহ কৰি আপোনাৰ বাহিনীক ৰখাওঁক। সেনা ওভতাই নিয়ক। অনুগ্ৰহ কৰি শান্তি বজাই ৰাখক।‘’
লগতে পঢ়ক: ৰাছিয়াৰ ইউক্ৰেইন আক্ৰমণ: ২০১৪ চনৰ পিছত প্ৰথমবাৰৰ বাবে প্ৰতি বেৰেল তেলৰ দাম বাঢ়িল ১০০ ডলাৰকৈ
ৰাছিয়াৰ আক্ৰমণৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনে। তেওঁ কয়,’’বিনা প্ৰৰোচনাত তথা যুক্তিহীনভাৱে চলোৱা এই আক্ৰমণৰ সম্পূৰ্ণ দায়িত্ব ল’ব লাগিব ৰাছিয়াই।ৰাছিয়াৰ বাবে ইয়াৰ পৰিণতি ভয়ংকৰ হ’ব।‘’
ইউক্ৰেইনৰ ৰাজধানী কীয়েভৰ আটাইতকৈ বৃহৎ বিমানবন্দৰ বৰিস্পীলত গুলীচালনাৰ ঘটনা ঘটিছে। দেশখনৰ আন আন প্ৰান্ততো গুলীবৰ্ষণৰ বাতৰি পোৱা গৈছে।
মাজনিশা ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভলোডিমিৰ জেলেনস্কিয়ে দেশবাসীৰ উদ্দেশ্যে দিয়া ভাষণত ৰাছিয়াৰ সচেতন নাগৰিকসকলক যুদ্ধৰ বিৰুদ্ধে মাত মতাৰ বাবে আহ্বান জনায়।
আনহাতে, ২৪ ঘন্টা পূৰ্বে ৰাছিয়াৰ ওপৰত আমেৰিকা আৰু ইউৰোপে নিষেধাজ্ঞা জাৰি কৰিও মস্কোক সেনা অভিযানৰ পৰা বিৰত ৰাখিব নোৱাৰিলে।
লগতে পঢ়ক: ডাঙৰ খবৰ: অৱশেষত আক্ৰমণ! ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিলে ৰাছিয়াই
ইপিনে, ইউক্ৰেইনৰ সামৰিক ঘাটিসমূহক লক্ষ্য কৰি যিকোনো মুহূৰ্ততে ৰাছিয়াৰ ৰকেট আক্ৰমণ আৰম্ভ হ’ব পাৰে বুলি আন্তৰ্জাতিক সংবাদ সংস্থাই বাতৰি পৰিৱেশন কৰিছে।