• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লোকসভাত ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰক লৈ তীব্ৰ বাকযু্দ্ধত লিপ্ত শাসক-বিৰোধী

এন ই নাও নিউজ by এন ই নাও নিউজ
March 16, 2021 8:29 pm
357
VIEWS
Share on FacebookShare on Twitter

মংগলবাৰে লোকসভাত শাসক-বিৰোধীৰ বাকযুদ্ধ তুংগত উঠে।

ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰক লৈ এই বাকযুদ্ধ চলে।

বিৰোধী দল কংগ্ৰেছে শাসকীয় পক্ষৰ বিৰুদ্ধে অভিযোগ কৰি কয় যে ৰাষ্ট্ৰদ্ৰোহীতাৰ কঠোৰ আইনখনক বিজেপি চৰকাৰে অপব্যৱহাৰ কৰিছে।

লোকসভাৰ প্ৰশ্নোত্তৰ কালত তেলেংগানাৰ কংগ্ৰেছ সাংসদ আনুমুলা ৰেৱনাথ ৰেড্ডীয়ে যোৱা দহ বছৰত পঞ্জীয়ন হোৱা ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰসমূহৰ বিষয়ে প্ৰশ্ন সুধি লোকসভাৰ অধ্যক্ষৰ দৃষ্টিগোচৰ কৰে।

তেওঁৰ এই প্ৰশ্নৰ মূলতে আছিল জলবায়ু কৰ্মী দিশা ৰৱী আৰু ২৬ জানুৱাৰীৰ ট্ৰেক্টৰ ৰেলীত অংশগ্ৰহণ কৰা কৃষক নেতাসকলৰ ওপৰত আৰোপ কৰা ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰসমূহ।

কেন্দ্ৰৰ ৰাজ্যিক গৃহ মন্ত্ৰী জি কিষাণ ৰেড্ডীয়ে এই সম্পৰ্কে এটা লিখিত উত্তৰ সংসদত দাখিল কৰে।

মন্ত্ৰীজনে কয় যে ২০১৪ চনত ৪৭ টা, ২০১৫ চনত ৩০ টা, ২০১৬ চনত ৩৫টা, ২০১৭ চনত ৫১টা, ২০১৮ চনত ৭০টা আৰু ২০১৯ চনত ৯৩টাকৈ ৰাষ্ট্ৰদোহীতাৰ গোচৰ পঞ্জীয়ন কৰা হয়।

তথ্যসমূহ দাখিল কৰি মন্ত্ৰীজনে কয় যে এই গোচৰসমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে কোনো হস্তক্ষেপ তথা জড়িত হোৱা নাই।

আনহাতে, কংগ্ৰেছ সাংসদ আনুমুলা মন্ত্ৰীজনৰ এই উত্তৰত সন্তুষ্ট নহ’ল।

তেওঁ কয় যে তেওঁ যোৱা ১০ বছৰৰ তথ্যসমূহ দেখা পাইছে কিন্তু সংসদত মাত্ৰ ২০১৪ চনৰ পৰা ২০১৯ চনৰ তথ্যসমূহহে দাখিল কৰা হৈছে।

”অসম্পূৰ্ণ তথ্যৰে সংসদত বিপথে পৰিচালিত কৰা হৈছে।”- সাংসদজনে কয়।

তেওঁ কয় যে ২০১৪ চনৰ পৰা চৰকাৰৰ নীতিসমূহ যিসকলে সমালোচনা কৰি আহিছে, তেওঁলোকৰ ওপৰত ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰ জাপি দিয়া হৈছে।

সাংসদজনৰ এই অভিযোগৰ উত্তৰ হিচাপে কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীয়ে কয় যে এই সকলো তথ্য নেচনেল ক্ৰাইম ৰেকৰ্ডছ ব্যুৰোৱে দেশৰ সকলো ৰাজ্যৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত উপস্থাপন কৰা হৈছে।

কংগ্ৰেছক সমালোচনা কৰি মন্ত্ৰীজনে কয় যে বিজেপি চৰকাৰ অহাৰ আগলৈকে কংগ্ৰেছে ৰাষ্ট্ৰদোহীতাৰ গোচৰৰ সলনি এনেধৰণৰ গোচৰসমূহ ভাৰতীয় দণ্ডবিধি আইনতে সন্নিৱিষ্ট কৰিছিল, কিন্তু বিজেপি চৰকাৰ অহাৰ পাছত ৰাষ্ট্ৰদ্ৰোহীতাৰ গোচৰসমূহক স্বতন্ত্ৰতা প্ৰদান কৰা হয়।

তদুপৰি সামাজিক মাধ্যমৰ উত্থানৰ ফলত গণতন্ত্ৰৰ ওপৰত বক্তব্যপ্ৰদান কৰাৰ পাছতো বহুতক ৰাষ্ট্ৰদ্ৰোহী গোচৰ তুলনামূলকভাৱে অতি কম বুলি মন্ত্ৰীজনে কয়।

কংগ্ৰেছ সাংসদ মনিষ তেৱাৰীয়েও বিজেপি  চৰকাৰক সমালোচনা কৰে।

তেওঁ কয় যে ভাৰতীয় দণ্ডবিধি আইনৰ ১২৪এ ধাৰাৰ ৰাষ্ট্ৰদ্ৰোহী গোচৰসমূহৰ ক্ষেত্ৰদত কেন্দ্ৰীয় চৰকাৰে অপব্যৱহাৰ কৰিছে।

ইয়াৰ দ্বাৰা বাকস্বাধিনতাক দমন কৰা হৈছে বুলি তেৱাৰীয়ে অভিযোগ কৰে।

ইয়াৰ প্ৰত্যুত্তৰত, কেন্দ্ৰীয় মন্ত্ৰী ৰেড্ডীয়ে কয় যে কংগ্ৰেছে এই ভাষণ দিয়াৰ প্ৰয়োজন নাই।

তেওঁ কয় যে বিৰোধী নেতা জয়প্ৰকাশ নাৰায়ণ আৰু অটল বিহাৰী বাজপেয়ীৰ ওপৰত মেইণ্টেনেন্স অৱ ইণ্টাৰনেল চিকিউৰিটী এক্ট (মিছা) জাপি দি কংগ্ৰেছে ইয়াৰ পূৰ্বেই এই আইনক অপব্যৱহাৰ কৰি থৈছে।

 

Recent News

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

বৈদেশিক সচিব বিক্ৰম মিশ্ৰীৰ কন্যাক সামাজিক মাধ্যমত ট্ৰল একাংশৰঃ উদ্বেগ প্ৰকাশ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

অধিক শক্তিশালী হ’ব ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাঃ ভাৰতে অতি সোনকালে লাভ কৰিব ৩টা নতুন ক্ষেপণাস্ত্ৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

চীন-আমেৰিকাৰ শুল্ক যুদ্ধত সাময়িক বিৰতি : ৯০ দিনৰ বাবে শুল্ক কমোৱাৰ সিদ্ধান্ত দুই ৰাষ্ট্ৰৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

মনোবল বৃদ্ধি আৰু কৃতজ্ঞতা প্ৰকাশৰ বাবে বায়ুসেনাৰ বীৰ জোৱানক সাক্ষাৎ নৰেন্দ্ৰ মোদীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd