NORTHEAST NOW (Assamese)

মধ্যপ্ৰদেশৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে এজাহাৰ দাখিল কংগ্ৰেছৰ

May 16, 2025 8:34 pm · নৰ্থ-ইষ্ট নাও ডেস্ক, গুৱাহাটী
Updated: May 16, 2025 7:39 pm

মধ্যপ্ৰদেশৰ বিজেপি নেতৃত্বাধীন চৰকাৰৰ কেবিনেট মন্ত্ৰী বিজয় শ্বাহে সেনা বিষয়া কৰ্ণেল ছোফিয়া কুʼৰেছীৰ বিৰুদ্ধে কৰা অশালীন মন্তব্যই সমগ্ৰ ভাৰতবাসীক কেৱলমাত্ৰ লজ্জিতেই নহ’য় , ক্ষোভিত ও কৰি তুলিছে।

বিজয় শ্বাহে সেনা বিষয়া গৰাকী সন্দৰ্ভত সন্ত্ৰাসবাদীৰ ভগ্নী আখ্যা দিয়া কাৰ্যত ন্যায়ালয়ে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি তৎকালীন ভাবে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈও মধ্যপ্ৰদেশ আৰক্ষীক নিৰ্দেশনা দিব লগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে।

দেশৰ জনগণক লজ্জানত কৰা এই ঘটনাৰ নায়ক কেবিনেট মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ দাবীত আজি কংগ্ৰেছ দলৰ অন্যতম ভাতৃ সংগঠন নাগৰিক আৰু সামাজিক প্ৰসাৰ কংগ্ৰেছ, অসমৰ তৰফৰ পৰা গুৱাহাটীৰ দিশপুৰ থানাকে ধৰি অসমৰ কেইবাখনো জিলাত এজাৰ দাখিল কৰে।

এজাহাৰ দাখিল কৰি সাংবাদিকক সম্বোধন কৰি নাগৰিক আৰু সামাজিক প্ৰসাৰ কংগ্ৰেছ অসমৰ অধ্যক্ষ বন্দীপ দত্তই এই সমগ্ৰ ঘটনাক কঠোৰ ভাষাৰে নিন্দা কৰি কয় যে – ভাৰতীয় সেনাৰ কোনো বিষয়াৰ প্ৰতি এই ধৰণৰ বক্তব্য দেশৰ সাৰ্বভৌমত্ব বিৰোধী। এই ধৰণৰ মন্তব্যই ভাৰতীয় সেনাৰ মনোবল হ্ৰাস কৰিব। তেওঁ লগতে কয়, যি সময়ত দেশৰ সকলো নাগৰিকে সেনাৰ লগত ঠিয় দিয়াৰ লগতে তেওঁলোকৰ মনোবল বৃদ্ধিত আত্ম নিয়োগ কৰিছে তেনে সময়ত বিজেপি দলৰ এজন কেবিনেট মন্ত্ৰীৰ মুখত এই ধৰণৰ বক্তব্য অতি নিন্দনীয়।

কংগ্ৰেছ দলে অতি শীঘ্ৰে বিজয় শ্বাহৰ দৰে ব্যক্তিৰ বিৰুদ্ধে কঠোৰ অনুশাসন মূলক ব্যৱস্থা গ্ৰহণ কৰি ভাৰতীয় সেনাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ দাবী জনায়।

Related News